কোকৰাঝাৰত খেলো ইণ্ডিয়া অস্মিতা পূব মণ্ডল হকী,মিজোৰাম-ওড়িশাৰ ফাইনেললৈ যোগ্যতা

October 28, 2026

K

Gogo Sports NE

কোকৰাঝাৰ, ২৮ অক্টোবৰ: কোকৰাঝাৰত চলি থকা খেলো ইণ্ডিয়া অস্মিতা পূব মণ্ডল হকী লীগৰ ফাইনেল মেচ দুখন বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব।

অসম হকী সন্থাৰ সভাপতি তপন কুমাৰ দাসে জনোৱা অনুসৰি, বৃহস্পতিবাৰে দুপৰীয়া ১২.৩০ বজাত হ'বলগা ছাব জুনিয়ৰ শাখাৰ ফাইনেলত মিজোৰামে ওড়িশাৰ বিৰুদ্ধে খেলিব, বিপৰীতে ২.৩০ বজাত হ'বলগা জুনিয়ৰ শাখাৰ ফাইনেলত ওড়িশাই টাটা হকী হাই পাৰফৰমেন্স চেণ্টাৰৰ মুখামুখি হ'ব।

উল্লেখ্য যে যোৱা ২৫ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত অসমসহ মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছিল। গ্ৰুপ পৰ্যায়ৰ মেচৰ অন্তত শীৰ্ষ দুটা দলে ফাইনেললৈ যোগ্যতা অৰ্জন কৰে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *