গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
ৰাজ্যৰ ভিন্ন প্ৰান্তত স্বৰ্ণকন্যা লাভলীনাৰ সম্বৰ্ধনা অনুষ্ঠান । গুৱাহাটীৰ হোটেল ৰেডছন ব্লু'ত সম্বৰ্ধনা প্ৰদান । বোকাখাত আৰু সৰুপথাৰতো ৰিঙৰ ৰাণীক সম্বৰ্ধনা ।
সদ্যসমাপ্ত "এছিয়ান গেমছ-২০২৬" ৰ বক্সিঙত সোণজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইক অসমৰ ভিন্ন প্ৰান্তত উষ্ম আদৰণি জনোৱাৰ লগতে শুভকাংশীয়ে জনাইছে অভিনন্দন । শেষতীয়া সোণালী সাফল্যৰ বাবে গামোচা,ফুলৰ থোপা ,জাপি,শৰাই,
মমেন্টো প্ৰদানেৰে ওপচাই পেলাইছে অসমকন্যা লাভলীনাক । বুধবাৰে গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু'ত অসম চৰকাৰৰ ক্ৰীড়াবিভাগৰ উদ্যোগত তথা অসম এমেচাৰ বক্সিং সন্থা আৰু অসম অলিম্পিক সন্থাৰ সহযোগত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন ক্ৰীড়া সংস্থাসমূহে লাভলীনাক প্ৰদান কৰে সম্বৰ্ধনা । অনুষ্ঠানত উপস্থিত থাকি সম্বৰ্ধনা জ্ঞাপন কৰে ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী , ক্ৰীড়া সঞ্চালক অংকুৰ ভঁৰালী,অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ,অসম এমেছাৰ বক্সিং সন্থাৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক হেমন্ত কলিতা,দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুত বৰদলৈ ,হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ দাস,ডিমৰীয়াৰ বিধায়ক ড০ তপন দাস আদি বিশিষ্ট ব্যক্তিয়ে । এই অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ অন্তৰ্গত কেইবাটাও ৰাজ্যিক ক্ৰীড়া সংস্থাই বজ্ৰকন্যা লাভলীনাক জনালে উষ্ম সম্ভাষণ । তদুপৰি ডিছকান কুইন তৈবুন নিছা,অৰ্জুন নয়নমণি শইকীয়া,অৰ্জুন জয়ন্ত তালুকদাৰ , আন্তঃৰাষ্ট্ৰীয় বক্সাৰ অংকুশিতা বড়োৰ উপৰি বক্সিং প্ৰশিক্ষক পদুম বড়ো, অমৰ ডেকা, ত্রিদীপ বৰা আদিয়ে লাভলীনাক জনালে আদৰণি । আনহাতে, "এছিয়ান গেমছ-২০২৬"-ত ভাৰতীয় ছেপাকটাক্ৰ দলক প্ৰতিনিধিত্ব কৰা অসমৰ অ' অমৰজিৎ সিংহকো এই অনুষ্ঠানতে সম্বৰ্ধনা প্ৰদান কৰে ৰাজ্যৰ ক্ৰীড়ামন্ত্রীয়ে। অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা কথাবাৰ্তাত সোণজয়ী লাভলীনাই ক'লে- "এই সোণৰ পদকটো মোৰ বাবে বিশেষ । কাৰণ মোৰ জন্মদিনৰ দিনাই দেশক এই মেডেলটো উপহাৰ দিছিলো " ।

লাভলীনাই অলিম্পিকত ব্ৰঞ্জজয় কৰিছিল জাপানৰ টকিঅ'ত । লাভলীনাৰ বাবে জাপানখন হৈ পৰিছে ভাগ্যবান ঠাই।
এই জাপানতেই পুনৰ "এছিয়ান গেমছ-২০২৬"ত সোণ জয় কৰিলে লৌহকন্যাই । আঘাতৰ প্ৰত্যাহ্বান নেওচি আত্মবিশ্বাসৰে মহিলাৰ ৭৫ শাখাত ৰিঙত নামিছিল খেলৰত্ন লাভলীনা বৰগোঁহাই। ফাইনেলৰ প্ৰতিদ্বন্দিক ধৰাশায়ী কৰি অৱশেষত জয়ী হ'ল অসমকন্যা । "এছিয়ান গেমছ"ৰ ফাইনেল মেচৰ অভিজ্ঞতা কিছু ব্যক্ত কৰিলে লাভলীনাই ।
"এছিয়ান গেমছ"ৰ পাছত লাভলীনাৰ সন্মুখত আহি আছে "ৱ'ল্ড চেম্পিয়নশ্বিপ"। এই প্ৰতিযোগিতাৰ পৰাই লাভলীনাৰ বাবে আৰম্ভ হ'ব অলিম্পিকৰ যোগ্যতা নিৰ্ণায়ক প্ৰক্ৰিয়া ।২০২৪-ৰ "পেৰিছ অলিম্পিক"ৰ পাছত বহু পৰিমানে ভাগি পৰিছিল বজ্ৰকন্যা । লাহে লাহে এতিয়া খেললৈ প্ৰত্যাবৰ্তন কৰিছে লাভলীনাই । প্ৰস্তুতি সঠিক ৰূপত হ'লে ২০২৮ ৰ অলিম্পিকত পদকৰ ৰং সলনি হ'ব বুলি আশাবাদী ৰিঙৰ ৰাণী লাভলীনা ।

ইফালে, বৃহস্পতিবাৰে পুৱা বোকাখাত ক্ৰীড়া সন্থাৰ উদ্যোগত ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে লাভলীনা বৰগোঁহাইক । আনহাতে, দিনৰ ১ বজাত গৃহভূমি সৰুপথাৰত উষ্ম আদৰণি জনায় স্বৰ্ণকন্যা লাভলীনাক ।

সৰুপথাৰৰ ৰংঘৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ধনশিৰি জিলা ক্ৰীড়া সন্থাই আয়োজন কৰে ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ । এই অনুষ্ঠানতে হাজাৰ হাজাৰ শুভকাংশীয়ে গৃহভূমিলৈ লাভলীনাক জনালে স্বাগতম ।

উল্লেখ্য যে, অৰ্জুন ভোগেশ্বৰ বৰুৱাই স্বৰ্ণজয় কৰাৰ ৬০ বছৰৰ পাছত লাভলীনাৰ জৰিয়তে "এছিয়ান গেমছ"ত দ্বিতীয়বাৰৰ বাবে সোণৰ পদক লাভ কৰিলে অসমে । ক্ৰীড়া অনুৰাগীৰ আশা- এই গৌৰৱময় বাটেৰেই পথ বুলি স্বৰ্ণকন্যাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ ৰাজ্যৰ ক্ৰীড়াক্ষেত্রত জন্ম হওঁক হাজাৰগৰাকী লাভলীনা বৰগোঁহাইৰ ।


0 Comments