মণিপুৰৰ খুমান লাম্পাক ষ্টেডিয়ামত ইতিহাস ৰচনা,২৫ হাজাৰৰো অধিক দৰ্শকে উপভোগ কৰিলে “আই এছ এল”ৰ মেচ

November 25, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

মণিপুৰৰ মাটিত "আই এছ এল"ৰ হাইভল্টেজ মেচ। নৰ্থ ইষ্ট ইউনাইটেড এফ চি বনাম এছ চি দিল্লীৰ মেচ ড্ৰ'। ২৫ হাজাৰৰো অধিক দৰ্শকে উপভোগ কৰিলে "আই এছ এল"ৰ মেচ। দৰ্শকৰ কোলাহলত জীপাল ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়াম।

উত্তৰ-পূৰ্বাঞ্চলৰ ফুটবল ক্ষেত্রত ৰচনা হ'ল নতুন ইতিহাসৰ। বহু প্ৰতিক্ষাৰ অন্ত পেলাই মংগলবাৰে সন্ধিয়া মণিপুৰৰ মাটিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল "আই এছ এল"ৰ মেচ। ইষ্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত হ'ল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু এছ চি দিল্লীৰ ঐতিহাসিক মেচ। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল মণিপুৰৰ হাজাৰ হাজাৰ ফুটবল অনুৰাগী। ২৫,০১৪ গৰাকী ফুটবল অনুৰাগী-এ খুমান লাম্পাক ষ্টেডিয়ামত উপভোগ কৰিলে ৰোমাঞ্চকৰ ফুটবল মেচ। স্বাভাৱকিতে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ অনুৰাগী-এ আশা কৰিছিল যে- এছ চি দিল্লীৰ বিৰুদ্ধে সম্পূৰ্ণ তিনি পইন্ট অৰ্জন কৰিব নৰ্থ ইষ্টে। অনুৰাগীৰ সেই আশা সম্পূৰ্ণ ৰূপে পূৰণ নহ'লেও মেচখনৰ পৰা ১ পইন্ট অৰ্জন কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ। হাজাৰ হাজাৰ দৰ্শকৰ কোলাহলৰ মাজত অনুষ্ঠিত মেচখন ১-১ গ'লত ড্ৰ' হয়। মেচৰ ৬ মিনিটতে এছ চি দিল্লীৰ হৈ প্ৰথমটো গ'ল স্কৰ কৰে মহম্মদ আইমেনে।


প্ৰত্যুত্তৰত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ তাৰকা খেলুৱৈ এন্টনিঅ' ময়ান'-এ মেচৰ ২৮ মিনিটত গ'ল স্কৰেৰে মেচখনত ১-১ ৰে সমতা স্থাপন কৰে। মেচৰ দ্বিতীয়াৰ্থত উভয় দলেই বিপক্ষৰৰ পোষ্টত এটাকৈ গ'ল স্কৰ কৰে যদিও সেইয়া পৰৱৰ্তী সময়ত বাতিল কৰে ৰেফাৰী-এ।
ফলত ১-১ গ'লত মেচখন অন্ত পৰাৰ ফলত ১ পইন্ট লাভ কৰিয়েই সন্তুষ্ট থাকিল জুৱান পেড্ৰ বেনালীৰ প্ৰশিক্ষণপ্ৰাপ্ত দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি। আনহাতে পইন্ট তালিকাত মুঠ ১২ পইন্টেৰে তৃতীয় স্থানত অৱস্থান কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ।
ইফালে,১৫ পইন্টেৰে মোহন বাগান প্ৰথম স্থানত থকাৰ বিপৰীতে ১৩ পইন্টৰে তালিকাৰ দ্বিতীয় স্থানত থাকিল বেংগালুৰু এফ চি
।

৯০ মিনিটৰ বাবে ষ্টেডিয়ামত থকা হাজাৰ অনুৰাগীক ফুটবলৰ যাদুৰে কৰি ৰাখিলে ৰোমাঞ্চিত।
দশক দশক ধৰি ভাৰতীয় ফুটবলক নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিভা দি অহা এখন ৰাজ্যই অৱশেষত নিজৰ মাটিত "ইণ্ডিয়ান চুপাৰ লীগ" চমুকৈ "আই এছ এল" প্ৰত্যক্ষ কৰিলে। এই মেচখনৰ জৰিয়তে পুনৰ প্ৰমাণিত হ'ল যে- "নৰ্থ ইষ্ট ইউনাইটেড এফ চি'' কেৱল এখন ঘৰ এটা ষ্টেডিয়াম ,এখন চহৰ বাব এখন ৰাজ্যতে সীমাবদ্ধ নহয়। ক্লাবটোৱে প্ৰতিনিধিত্ব কৰা ৮ ৰাজ্যৰ ফুটবল অনুৰাগীৰ হৃদয়ত বাস কৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চি।
মংগলবাৰৰ এই ঐতিহাসিক সন্ধিয়াত মণিপুৰে ফুটবল প্ৰেমী-এ সেই বিশ্বাসক সুন্দৰ ৰূপত যেন ষ্টেডিয়ামত প্ৰকাশিত কৰিলে।

খুমান লাম্পাক ষ্টেডিয়ামৰ ঐতিহাসিক "আই এছ এল"ৰ মেচ উপভোগ কৰিলে মণিপুৰৰ মুখ্যমন্ত্রী খেমচান্দ সিং , উপ-মুখ্যমন্ত্রী লোছি দিখো, ক্ৰীড়ামন্ত্রী গোবিন্দাস কনথৌজাম। তেওঁলোকক মুখ্য কাৰ্যবাহী বিষয়া মন্দাৰ তামহানে-এ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ তৰফৰ পৰা জনালে সম্বৰ্ধনা।

উল্লেখ্য যে, অহা ৩০ নৱেম্বৰত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত "পঞ্জাৱ এফ চি"ৰ বিৰুদ্ধে খেলপথাৰত নামিব "নৰ্থ ইষ্ট ইউনাইটেড এফ চি"। উত্তৰ-পূবৰ ফুটবল অনুৰাগীৰ আশা- ঘৰুৱা মাটিত,ঘৰুৱা লোকৰ সমৰ্থনত পঞ্জাৱ এফ চিক পৰাস্ত কৰি সম্পূৰ্ণ ৩ পইন্ট অৰ্জন কৰাৰ লগতে তালিকাৰ শীৰ্ষলৈ পুনৰ উন্নীত হওঁক নৰ্থ ইষ্ট ইউনাইটেড এফ চি
।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *