গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ শুক্ৰবাৰে হোৱা এখন শ্বাসৰুদ্ধ মেচত নগাঁও ৰেঞ্জাৰ্ছে তিনি ৰাণত তেজপুৰ টাইটানছক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশৰ আশা সজীৱ ৰাখিছে৷ পোনতে বেটিং কৰি ১২৩ ৰাণ কৰাৰ পাছতো ৰেঞ্জাৰ্ছে দৰ্শনীয় বলিং আৰু ফিল্ডিঙৰে টাইটানছক নিৰ্ধাৰিত অভাৰত ১২০ ৰাণত অলআউট কৰি চাপৰ মেচত জয় অৰ্জন কৰে৷
গুৰুত্বপূৰ্ণ মেচখনত টছত জয়ী হৈ টাইটানছৰ অধিনায়ক আয়ুষ্মান মালাকাৰে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়৷ মন্থৰ উইকেটৰ সুযোগ লৈ তেজপুৰৰ বলাৰে অনন্য বলিং কৰি নগাৱৰ বেটাৰক বান্ধি ৰাখে৷ উল্লেখ্য যে মাত্ৰ এক ৰাণ অতিৰিক্ত হিচাপে খৰছ কৰে টাইটানছৰ বলিং বিভাগে৷ দলৰ প্ৰাচুয্য কাকতিয়ে ১৯ ৰাণত পাঁচটা উইকেট লাভ কৰি লীগত প্ৰথম বলাৰৰূপে এই কৃতিত্ব অৰ্জন কৰে৷ আয়ুষ্মানে ২৭ ৰাণত তিনিটা উইকেট পায়৷
বিপৰীতে, পাৱাৰ প্লেত দুই অপেনাৰ অধিনায়ক সমিত কাশ্যপ [৭] আৰু সৌম্যদ্বীপ দাস [৪] ৰ উইকেট হেৰুওৱাৰ পাছত ৰেঞ্জাৰ্ছৰ ইনিংছ জিতু আলী [৪৫] আৰু ধ্ৰুৱ ৰাজ বৰা [৩৬] ই ৭৪ ৰাণৰ যুটি বান্ধি গঢ় দিছিল যদিও আঠ ৰাণৰ ভিতৰত উভয় বেটাৰ আউট হোৱাত দলৰ বেটিং বিপৰ্যয় নামি আহে৷ ৩৬ ৰাণত অন্তিম আঠটা উইকেট হেৰুওৱা ৰেঞ্জাৰ্ছে ১৯.৩ অভাৰত ১২৩ ৰাণত অলআউট হয়৷
কিন্তু সহজ বিজয়লক্ষ্য হোৱাৰ পাছতো টাইটানছৰ বেটাৰে দৃঢ়তা প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে দলে ধাৰাবাহিকৰূপত উইকেট হেৰুৱাই ২০ অভাৰত ১২০ ৰাণত ইনিংছ সামৰে৷ ৰোছন টপ্ন’ ৩১ আৰু ৱাছিম আক্ৰমে ২১ ৰাণ কৰাৰ বাদে বাকীসকল ব্যৰ্থ হয়৷ ৰেঞ্জাৰ্ছৰ অধিনায়ক সমিতে ২৫ ৰাণত তথা জ্ঞানমে ১৭ ৰাণত দুটাকৈ উইকেট পায়৷
উভয় দলে শুক্ৰবাৰে সাত নম্বৰ মেচখনত অবতীৰ্ণ হোৱাৰ পাছত তেজপুৰ টাইটানছ দলে দুই পইণ্টৰে তালিকাৰ অন্তিম স্থানতে থাকিল৷ দলৰ প্লে-অফৰ সম্ভাৱনা ক্ষীন হৈ পৰিছে৷ বিপৰীতে নগাঁও ৰেঞ্জাৰ্ছে পাঁচ পইণ্ট লাভ কৰি ষষ্ঠ স্থানলৈ উত্তৰণ কৰিছে৷
সংক্ষিপ্ত স্ক’ৰঃ
নগাঁও ৰেঞ্জাৰ্ছে তিনি ৰাণত পৰাস্ত কৰে তেজপুৰ টাইটানছক
নগাঁও ৰেঞ্জাৰ্ছঃ১৯.৩ অভাৰত ১২৩-১০ [জিতু আলী ৪৫, ধ্ৰুৱ ৰাজ বৰা ৩৬ ; প্ৰাচুয্য কাকতি ১৯-প্ত , আয়ুষ্মান মালাকাৰ ২৭-৩৷
তেজপুৰ টাইটানছঃ ২০ অভাৰত ১২০-১০ [ৰোছন টপ্ন’ ৩১, ৱাছিম আক্ৰম ২১ ; জ্ঞানম ১৭-২, সুমিত কাশ্যপ ২৫-২৷


0 Comments