গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
উলুবাৰী বক্সি ক্লাবৰ "৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস" উদযাপন । ৰাজ্যিক-ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদকজয়ী ক্লাবৰ খেলুৱৈক সম্বৰ্ধনা । ক্লাবৰ প্ৰাংগনত মুকলি এটি ভৱন আৰু জিম।
১৯৫০ চনত গুৱাহাটীৰ মাজ-মজিয়াত গঢ়ি উঠিছিল অসমৰ আটাইতকৈ পুৰণি বক্সিং ক্লাব "উলুবাৰী বক্সিং ক্লাব"ৰ । উলুবাৰীৰ কাছাৰীবস্তি স্থিত এই ক্লাবত অনুশীলন কৰিয়েই জন্ম হৈছিল অলিম্পিয়ান শিৱ থাপা , এন আই এছ অমৰ ডেকাৰ দৰে প্ৰশিক্ষকৰ । ২০২৬ চনৰ ২২ ছেপ্তেম্বৰত এই গৰিমামণ্ডিত বক্সিং ক্লাবটোৱে ভৰি দিলে ৭৬ বছৰত । "৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস"ৰ লগত সংগতি ৰাখি ক্লাবৰ কতৃপক্ষই আয়োজন কৰিলে এক বিশেষ অনুষ্ঠানৰ ।২০২৫-২৬ বৰ্ষত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদকজয়ী ক্লাবৰ খেলুৱৈসকলক অংগবস্ত্র প্ৰদানেৰে জনালে সম্বৰ্ধনা । তদুপৰি, "প্ৰতিষ্ঠা দিৱস"ৰ দিনটোতে পূব-গুৱাহাটী সমষ্টিৰ প্ৰাক্তন বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই আৱন্টন দিয়া পুঁজিৰে নিৰ্মিত ভৱন আৰু এটি জিম শুভ উদ্বোধন কৰে ৩৬ নং মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তাই । এতিয়াৰে ক্লাবৰ খেলুৱৈ সকলে বক্সিঙৰ লগতে কৰিব পাৰিব শৰীৰচৰ্চা ।নানান ঘাট-প্ৰতিঘাটৰ মাজেৰে উলুবাৰী বক্সিং ক্লাবে স্পৰ্শ কৰিছে সাফল্যৰ ৭৬ টা বছৰ ।
প্ৰতিষ্ঠা দিৱসত ক্লাবৰ অতীত সোঁৱৰিলে উলুবাৰী বক্সিং ক্লাবৰ সভাপতি মণিকা বড়ো-এ।

ইফালে, "৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস"ত বিধায়ক বিজয় গুপ্তাৰ উপৰি উপস্থিত থাকিল প্ৰাক্তন বিধায়ক তথা অসম এমেচাৰ বক্সিং সন্থাৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ,উলুবাৰী বক্সিং ক্লাবৰ একালৰ ছাত্র তথা বৰ্তমানৰ এন আই এছ অমৰ ডেকাৰ লগতে অভিভাৱক তথা খেলুৱৈসকল । "৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস"ত অমৰ ডেকাই সোঁৱৰিলে তেওঁৰ গুৰু তথা প্ৰশিক্ষক বীৰেণ বড়ো ,ক্লাবৰ অন্যতম সদস্য জয়ন্ত ৰয়ৰ দৰে বিশিষ্ট ব্যক্তিৰ অৱদানক । প্ৰায় ১৯৮৫ চনত উলুবাৰী বক্সিং ক্লাবতে বক্সিঙৰ আদিপাঠ গ্ৰহণ কৰা অমৰ ডেকা বৰ্তমান অসম চৰকাৰৰ অধীনত এগৰাকী বক্সিং প্ৰশিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে । এন আই এছ কৰি আহিয়েই প্ৰায় ১৯৯৪-৯৫ চনত চিকিমত অনুষ্ঠিত হ'বলগা "নৰ্থ ইষ্ট ফেষ্টিভেল"ৰ পূৰ্বে উলুবাৰী বক্সিং ক্লাবতে এটা শিবিৰৰ আয়োজন কৰিছিল অমৰ ডেকাই । সেইবাৰ চিকিমত জিতু বড়ো নামৰ এগৰাকী বক্সাৰে লাভ কৰিছিল পদক । এনেদৰেই "উলুবাৰী বক্সিং ক্লাব"ৰ সোঁৱৰণীৰ পৃষ্ঠা খুলিলে প্ৰশিক্ষক অমৰ ডেকাই ।

ক্ৰীড়া অনুৰাগীৰ আশা -ক্ৰীড়াক্ষেত্রত "উলুবাৰী বক্সিং ক্লাব"ৰ অনিৰুদ্ধ গতিয়ে স্পৰ্শ কৰক সফলতাৰ ১০০ টা বছৰ । "উলুবাৰী বক্সিং ক্লাব"ৰ গৰিমা অটুট থাকক চিৰদিন-চিৰকাললৈ । সু-ক্ৰীড়া প্ৰশাসকৰ বলিষ্ঠ নেতৃত্বত অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকৰ তত্বাবধানত উলুবাৰী বক্সিং ক্লাবৰ আঁচলত ধৰি জন্ম হওঁক অলিম্পিয়ান শিৱ থাপাৰ দৰে তাৰকা বক্সাৰৰ ।


0 Comments