অইল আইটা ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছ,এককৰ উভয় বয়স শাখাৰ কোৱাৰ্টাৰত অসমৰ নিব্ৰাছ-ফাগুন জ্যোতি

August 11, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসমৰ নিব্ৰাছ হুছেইন আৰু ফাগুন জ্যোতিয়ে গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ ল’ৰা আৰু ছোৱালীৰ ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ দুয়োটা শাখৰে এককৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ মংগলবাৰে দ্বিতীয় দিনা চাৰিওটা শাখাৰে এককৰ প্ৰি-কোৱাৰ্টাৰ মেচসমুহ অনুষ্ঠিত হয়৷

নিব্ৰাছৰ লগতে আৰুশ¸ দাস আৰু চান্দোগ্য টি পাঠকেও ১৬ বছৰ অনুৰ্ধৰ ল’ৰাৰ কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে৷ বিপৰীতে ৰেনাৰ্ড কাশ্যপ, অয়ান ৰহমান আৰু জ্যোতিষ্মান কাশ্যপে বিদায় লয়৷ ইফালে, অসমৰ মৃগাক্ষী চাংমাই আৰু কৃষ্টি হালৈও ফাগুন জ্যোতিৰ লগতে ১৬ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক শাখাৰ অন্তিম আঠত প্ৰৱেশ কৰিছে৷ বিপৰীতে এই শাখাৰ পৰা বিদায় লয় আয়ুশ্ৰী নাথ, অভিস্পা গগৈ, দেৱাঞ্চী তামুলী আৰু ধ্যানা মৰঙে৷

ইফালে, নিব্ৰাছৰ লগতে ১৪ বছৰ অনুৰ্ধৰ ল’ৰাৰ এককৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে ঈশানদ্বীপ বড়ো, আৰিয়ান ভৰালী আৰু আয়ান ৰহমানে৷ ১৪ বছৰ অনুৰ্ধৰ ছোৱালীৰ এককৰ বাকী মেচ চলি থকাৰ লগতে ডাবলছ শাখাৰো প্ৰথম ৰাউণ্ডৰ খেল নিশালৈ চলিব বুলি অসম টেনিছ সন্থাৰ সম্পাদক তথা প্ৰতিযোগিতাৰ সঞ্চালক অংকুশ দত্তই জনাইছে৷ সৰ্বভাৰতীয় টেনিছ সন্থা [আইটা] ৰ স্বীকৃত ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখন অহা ১৪ আগষ্টত সামৰণি পৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *