শুকুৰবাৰে অইল আইটা ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছৰ ফাইনেল,ত্ৰিমুকুটৰ লক্ষ্যৰে খেলিব অসমৰ নিব্ৰাছ হুছেইনে

August 13, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ ল’ৰাৰ ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ একক শাখাৰ ফাইনেলত প্ৰবেশ কৰাৰ লগতে ১৬ অনুৰ্ধৰ ডাবলছৰ খিতাপৰ যুঁজলৈও অগ্ৰসৰ হৈছে৷ শুক্ৰবাৰে ত্ৰিমুকুটৰ লক্ষ্যৰে খেলিব অসমৰ প্ৰতিভাবান খেলুৱৈগৰাকীয়ে৷ ইফালে, প্ৰতিযোগিতাত অসমৰ চান্দোগ্য টি পাঠক আৰু মৃগাক্ষী চাংমায়ো এককৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷

সৰ্বভাৰতীয় টেনিছ সন্থা [আইটা] ৰ স্বীকৃত ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনৰ আজি হোৱা ১৬ বছৰ অনুৰ্ধৰ ছেমিফাইনেলত চতুৰ্থ বাচনিৰ নিব্ৰাছে ৬-১, ৬-২ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে বংগৰ দ্বিতীয় বাচনিৰ প্ৰিয়দৰ্শন ৰাজপ্ৰধানক৷ আনহাতে, ১৪ বছৰ অনুৰ্ধৰ ছেমিফাইনেলত নিব্ৰাছে অসমৰে ঈশানদ্বীপ বড়োক ৬-২, ৬-১ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে৷

শুকুৰবাৰে হ’বলগা ১৬ অনুৰ্ধৰ ফাইনেলত নিব্ৰাছে ৰাজ্যৰ আন এগৰাকী প্ৰতিভাবান খেলুৱৈ চান্দোগ্য টি পাঠকৰ বিৰুদ্ধে খেলিব৷ এই শাখাৰ বৃহস্পতিবাৰে হোৱা আন এখন ছেমিফাইনেলত চান্দোগ্যই ৬-১, ২-৬, ৬-০ ৰ ব্যৱধানত পৰাস্ত কৰে ৰাজ্যৰে আৰুশ দাসক৷ ইফালে, ১৪ অনুৰ্ধৰ ফাইনেলত নিব্ৰাছৰ প্ৰতিদ্বন্দ্বী হ’ব মহাৰাষ্ট্ৰৰ প্ৰনৱ গাইকোৱাড৷ ছেমিফাইনেলত প্ৰনৱে দিল্লীৰ বীৰ চন্দ্ৰ গুপ্তাক হৰুৱায়৷

ইফালে, অসম কন্যা মৃগাক্ষী চাংমায়ে বৃহস্পতিবাৰে হোৱা ছোৱালীৰ ১৬ বছৰ অনুৰ্ধৰ এককৰ ছেমিফাইনেলত ৰাজ্যৰে কৃষ্টি বড়োক ৫-৭, ৬-৪, ৬-১ ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ জয়ৰ যুঁজলৈ অগ্ৰসৰ হয়৷ শুক্ৰবাৰে হ’বলগা ফাইনেলত মৃগাক্ষীয়ে বংগৰ ইভানা আৰোৰাৰ বিৰুদ্ধে খেলিব৷ কিন্তু ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ৰ এককত অসমৰ অভিযান ছেমিফাইনেলতে অন্ত পৰে৷ আজি বংগৰ ছানভি বাসুৰ বিৰুদ্ধে ৬-২, ৬-১ ৰ ব্যৱধানত পৰাস্ত হয় অসমৰ ফাগুন জ্যোতি৷

ইফালে, ১৬ অনুৰ্ধৰ ল’ৰাৰ ডাবলছ শাখাত নিব্ৰাছে মহাৰাষ্ট্ৰৰ প্ৰনৱৰ লগত যুটি বান্ধি বৃহস্পতিবাৰে ছেমিফাইনেলত পৰাস্ত কৰে অসমৰ যুটি চান্দোগ্য আৰু চন্দ্ৰ মোহান্তীক৷ ফাইনেলত নিব্ৰাছ-প্ৰনৱ বংগৰ খেলুৱৈৰ মুখামুখি হ’ব৷ তেওঁলোকে অসমৰ জ্যোতিষ্মান কাশ্যপ আৰু ধৃতিস্মান ৰয়ক ছেমিফাইনেলত পৰাস্ত কৰে৷

ইফালে, ১৪ অনুৰ্ধৰ ল’ৰাৰ ডাবলছ শাখাৰ ফাইনেল অনুষ্ঠিত হ’ব অসমৰ খেলুৱৈৰ মাজত৷ ছেমিফাইনেলত মহাৰাষ্ট্ৰৰ যুটিক পৰাস্ত কৰা অনিৰ্বান ডেকা আৰু প্ৰথম মজুমদাৰ যুটিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আয়ান ৰহমান আৰু আৰিয়ান ভড়ালীৰ বিৰুদ্ধে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *