গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
চলিত "আই এছ এল"ত দুৰ্দান্ত ৰূপত নৰ্থ ইষ্ট ইউনাইটেড এফ চি । ক্ৰমাগত ভাৱে দ্বিতীয় মেচতো জয় বেনালী বাহিনীৰ । গুৱাহাটীৰ মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হাতত পৰাস্ত কেৰালা ব্লাষ্টাৰ্ছ । পইন্ট তালিকাৰ শীৰ্ষলৈ উন্নীত নৰ্থ ইষ্ট ইউনাইটেড এফ চি ।
শাৰদীয় দুৰ্গোৎসৱৰ মহাসপ্তমীৰ সন্ধিয়া গুৱাহাটীস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল চলিত আই এছ এলৰ এখন হাইভল্টেজ মেচ । দেওবাৰে সন্ধিয়া ৭.৩০ বজাৰ লগে খেলপথাৰত নামিল ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু আলহী দল কেৰালা ব্লাষ্টাৰ্ছ । ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত ৯,৩৮৭ গৰাকী দৰ্শকে উপভোগ কৰিলে হাইভল্টেজ মেচখন । হাতত পোষ্টাৰ লৈ কেৰালাৰ ব্লাষ্টাৰ্ছক সমৰ্থন কৰিবলৈ কেৰালাৰ পৰা আহিল সমৰ্থক সকল । গুৱাহাটীৰ বুকুত কেৰালা ব্লাষ্টাৰৰ সমৰ্থকে দিলে শ্লোগান ।
কেৰালাৰ একাংশ সমৰ্থকৰ মতে কেৰালা ব্লাষ্টাৰ্ছে ৩-০ গ'লত পৰাস্ত কৰিব নৰ্থ ইষ্ট ইউনাইটেড এফ চিক । পূজাৰ বতৰত কেৰালা ব্লাষ্টাৰ্ছে জয়েৰে উপহাৰ দিব বুলি আত্মবিশ্বাসী হৈ আছিল এইসকল সমৰ্থক ।
কিন্তুু,কেৰালাৰ সমৰ্থকৰ আশাত চেঁচাপানী ঢালি ৪-১ গ'লৰ ব্যৱধানত জয়ী হ'ল নৰ্থ ইষ্ট ইউনাইটেড এফ চি । জুৱান পেড্ৰ বেনালীৰ প্ৰশিক্ষণেৰে পুষ্ট নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈৰ ৰণকৌশলৰ ওচৰত দিগবিদিগ হেৰুৱালে আলহী দলৰ খেলুৱৈ-এ । ষ্টেডিয়ামত বহি খেল উপভোগ কৰি থৰা কেৰালাৰ সমৰ্থকৰ মুখৰ মাত মুখতে হেৰাল । এগৰাকী নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মহিলা সমৰ্থকে মেচখনক লৈ কৰা ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হ'ল । মেচৰ পূৰ্বে গ'গ স্পৰ্টছ এন ই-ৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ প্ৰত্যাশা কৰিছিল যে,৪-১ গলত জয়ী হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি।
মেচৰ ১৫ মিনিটতে নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ প্ৰথমটো গ'ল স্কৰ কৰে আলাদিন আজাৰাই-এ । লগতে প্ৰথমাৰ্ধৰ ইনজুৰি টাইমত এন্টনিঅ' ময়ানো-এ নৰ্থ ইষ্ট ইউনাইটেডক ২-০ ৰ অগ্ৰগতি প্ৰদান কৰে । প্ৰত্যুত্তৰত মেচৰ ৬০ মিনিটত কেৰালাৰ হৈ এটা গ'ল পৰিশোধ কৰে ইয়ানছানে ম'ম'-এ । কিন্তু মেচৰ ৭০ মিনিটত আলাদিন আজাৰাই-এ নিজৰ দ্বিতীয়টো গ'লেৰে দুটা গ'লৰ অগ্ৰগতি পুনৰ ঘূৰাই আনে । তদুপৰি ৮২ মিনিটত আমান কে চি-এ আই এছ এলৰ অভিষেক মেচতে গ'ল স্কৰ কৰি নৰ্থ ইষ্ট ইউনাইটেড এফ চিক ৪-১ ত
গ'লৰ ব্যৱধানত জয় নিশ্চিত কৰে । এই জয়ৰ লগে লগে পইন্ট টেবুলত মুঠ ৬ পইন্টেৰে শীৰ্ষলৈ উন্নীত হ'ল নৰ্থ ইউনাইটেড এফ চি ।
উল্লেখ্য যে,অহা ২৪ অক্টোবৰত ভূৱনেশ্বৰত উৰিষ্যা এফ চিৰ বিৰুদ্ধে অৱৰ্তীণ হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি । আনহাতে, অহা ৩০ অক্টোবৰত গুৱাহাটীত বেংগালুৰু বিৰুদ্ধে খেলিব উত্তৰ-পূবৰ দলটোৱে ।
উত্তৰ-পূৰ্বাঞ্চলৰ ফুটবল অনুৰাগীৰ আশা- পৰৱৰ্তী মেচসমূহত জয়ৰ ধাৰাবিহকতা অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ ৩ পইন্ট অৰ্জন কৰক বেনালীৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি-এ ।


0 Comments