গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত সোমবাৰৰ পৰা আৰম্ভ হৈছে অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতা৷ অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত ১৪ আৰু ১৬ বছৰ অনূধ্বৰ্ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত সোমবাৰে পুৱাৰে পৰা উভয় শাখাৰে এককৰ প্ৰথম ৰাউণ্ডৰ মেচসমুহ অনুষ্ঠিত হয়৷ উল্লেখ্য যে আজি হোৱা ৰাউণ্ড অব ৩২ ৰ মেচত জয়লাভ কৰা সকলো খেলুৱৈয়ে প্ৰি-কোৱাৰ্টাৰলৈ যোগ্যতা অৰ্জন কৰিছে৷
প্ৰথমদিনা ১৬ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালী উভয়ৰে প্ৰথম ৰাউণ্ডৰ খেলসমুহ সমাপ্ত হৈছে৷ ল’ৰাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰা অসমৰ ছয়গৰাকী খেলুৱৈ হ’লঃ ৰেনাৰ্ড কাশ্যপ, অয়ান ৰহমান, আৰুশ¸ দাস, নিব্ৰাছ হুছেইন, চান্দোগ্য টি পাঠক আৰু জ্যোতিষ্মান কাশ্যপ৷
ইফালে, অসমৰ আয়ুশ্ৰী নাথ, অভিস্পা গগৈ, মৃগক্ষী চাংমাই, দেৱাঞ্চী তামুলী, কৃষ্টি হালৈ, ধ্যানা মৰং আৰু ফাগুন জ্যোতিয়ে ১৬ বছৰ অনূধ্বৰ্ ছোৱালীৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে৷ ইতিমধ্যে ১৪ বছৰ অনুৰ্ধৰ ল’ৰা-ছোৱালীৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচো আৰম্ভ হৈছে আৰু নিশালৈ খেল চলি থাকিব৷
সৰ্বভাৰতীয় টেনিছ সন্থা [আইটা] ৰ স্বীকৃত ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত ল’ৰা-ছোৱালীৰ এককৰ লগতে ডাবলছ শাখাৰো মেচ অনুষ্ঠিত হ’ব৷ অসম টেনিছ সন্থাৰ সম্পাদক তথা প্ৰতিযোগিতাৰ সঞ্চালক অংকুশ দত্তই জনোৱা অনুসৰি ডাবলছৰ খেল মংগলবাৰৰ পৰা হ’ব৷


0 Comments