গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
যোৱা ২৫-৩০ আগষ্টলৈ কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হয় "১৩ সংখ্যক নৰ্থ ইষ্ট জ'ন শ্বুটিং চেম্পিয়নশ্বিপ" ।অসম ৰাইফল আৰু শ্বুটিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে প্ৰায় ৩১২ গৰাকী খেলুৱৈ-এ । এই প্ৰতিযোগিতাত অসমৰ ১৫৬ গৰাকী শ্বুটাৰে অংশগ্ৰহণ কৰিলে । দুৰ্দান্ত প্ৰদৰ্শনেৰে মুঠ ৮০ টা পদক লাভেৰে শীৰ্ষত থাকিল আয়োজক অসম । ইয়াৰে অসম দলটোৱে লাভ কৰে ৩৯ টা সোণ,২১ টা ৰূপ আৰু ২০ টা ব্ৰঞ্জৰ পদক।
সেইদৰে ১৩ টা সোণ ,১৪ টা ৰূপ,১০ টা ব্ৰঞ্জসহ মুঠ ৩৭ টা পদক দখলেৰে দ্বিতীয় স্থানত থাকিল মেঘালয় । আনহাতে, ১১ টা সোণ ৭ টা ৰূপ ,৪ টা ব্ৰঞ্জসহ মুঠ ২২ পদকেৰে তৃতীয় স্থান অধিকাৰ কৰে মিজোৰামে ।
৭ টা সোণ,১৫ টা ৰূপ,৯ টা ব্ৰঞ্জসহ মুঠ ৩১ টা পদকেৰে চতুৰ্থত জিলিকিল মণিপুৰ ।
৭ টা সোণ,৩ টা ৰূপ,২ টা ব্ৰঞ্জসহ মুঠ ১২ টা পদকেৰে তালিকাৰ পঞ্চমত থাকিল আছাম ৰাইফল মাৰ্কছমেনশ্বিপ ইউনিট ।
৬ টা সোণ,৪ টা ৰূপ,৭ টা ব্ৰঞ্জসহ মুঠ ১৭ টা পদকেৰে তালিকাৰ ষষ্ঠ স্থান অৰ্জন কৰে নাগালেণ্ডে ।
২ টা সোণ,১ টা ৰূপসহ মুঠ ৩ টা পদকেৰে তালিকাৰ সপ্তম স্থানত আৰ্মি থকাৰ বিপৰীতে মাত্র এটা পদকেৰে তালিকাৰ অন্তিমত থাকিল চিকিম ।
উল্লেখ্য যে,সামৰণি অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী,ক্ৰীড়া সচিব কে জে হিলালী,প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,অসম ৰাইফল আৰু শ্বুটিং সন্থাৰ সভাপতি দিগন্ত বৰা ,সম্পাদক ভৱ কলিতা আদি ব্যক্তি ।


0 Comments