“২৩ সংখ্যক ছাব-জুনিয়ৰ আৰু জুনিয়ৰ আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপ”ৰ ফলাফল

September 2, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

"২৩ সংখ্যক ছাব-জুনিয়ৰ আৰু জুনিয়ৰ আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপ"ৰ সফল সামৰণি।৫০০ গৰাকী উশ্বু খেলুৱৈৰ সমাবেশ।
জীপাল বিটিআৰৰ উদালগুৰি ষ্টেডিয়াম।

যোৱা ২৯ পৰা ৩১ আগষ্টলৈ বিটিআৰৰ উদালগুৰি ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত হয়"২৩ সংখ্যক ছাব জুনিয়ৰ আৰু ২৩ সংখ্যক জুনিয়ৰ সদৌ অসম আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপ-২০২৬" ।অসম উশ্বু সন্থাৰ তত্বাবধানত উদালগুৰি জিলা উশ্বু সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ২৮ খন স্বীকৃতিপ্ৰাপ্ত জিলাই।প্ৰায় ৫০০ গৰাকী খেলুৱৈৰ সমাবেশ ঘটা প্ৰতিযোগিতাখন উদ্বোধন কৰে বিটিআৰৰ ই.এম. ফ্ৰেছ মুছাহাৰী-এ।লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম উশ্বু সন্থাৰ সভাপতি মুৰুলীধৰ চৌধুৰী, সম্পাদক ৰঞ্জিৎ বড়ো আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল।

ছাব জুনিয়ৰ চান্দা শাখাত ৭ টা সোণ,২ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক অৰ্জনেকে শীৰ্ষত জিলিকিল গোলাঘাট।
সেইদৰে একে শাখাত ৫ টা সোণ,৪ টা ৰূপ আৰু ১ টা ব্ৰঞ্জ দখলেৰে দ্বিতীয়ত থাকিল শিৱসাগৰ। আনহাতে,চাব-জুনিয়ৰ চান্দা শাখাতে ৪ টা সোণ,৩ টা ৰূপ আৰু ৬ ব্ৰঞ্জৰে তৃতীয় স্থান অধিকাৰ কৰিলে বিশ্বনাথে।

ইফালে,ছাব-জুনিয়ৰ টাউলুত ১২ টা সোণ,৪ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদকেৰে শীৰ্ষ স্থান দখল কৰে বিশ্বনাথে।সেইদৰে,৪ টা সোণ,৪ টা ৰূপ আৰু ২ টা ব্ৰঞ্জ দখলেৰে ছাব-জুনিয়ৰ টাউলু শাখাত দ্বিতীয় স্থান দখল কৰে নৰ্থ ইষ্ট ফন্টিয়াৰ ৰেলৱে স্পৰ্টছ এছচিয়েচনে।
আনহাতে,একে শাখাতে ৩ টা সোণ,৪ টা ৰূপেৰ পদক জয়েৰে তৃতীয়ত জিলিকিল কামৰূপ (মেট্ৰ)।

তদুপৰি ,জুনিয়ৰ চান্দাত ৩ টা সোণেৰে প্ৰথম স্থান অধিকাৰ কৰে ডিব্ৰুগড়ে ।সেইদৰে,একে শাখাতে ২ টা সোণ,৩ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জ মেডেলেৰে তালিকাৰ দ্বিতীয় স্থানত থাকিল গোলাঘাট।আনহাতে,২ টা সোণজয়েৰে তৃতীয়ত থাকিল ধেমাজি ।

তদুপৰি,জুনিয়ৰ টাউলু শাখাত ২০ টা সোণ,৬ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জেৰে প্ৰথমত জিলিকিল বিশ্বনাথ।
একে শাখাতে ৬ টা সোণ,৩ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জেৰে দ্বিতীয় স্থান অধিকাৰ কৰে কামৰূপ মেট্ৰ-এ।আনহাতে,জুনিয়ৰ টাউলু শাখাতে ৪ টা সোণ,৭ টা ৰূপ আৰু ১ টা ব্ৰঞ্জ দখলেৰে তালিকাৰ তৃতীয়ত থাকিল কোকৰাঝাৰ। প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰিছে অসম উশ্বু সন্থাৰ প্ৰচাৰ সম্পাদক গণেশ শীলে। ক্ৰীড়া অনুৰাগীৰ আশা-এনে টুৰ্ণামেন্টৰ জৰিয়তে ক্ৰীড়াঙ্গনত দোপদদোপে আগুৱাই যাওঁক অসমস ছাব- জুনিয়ৰ আৰু জুনিয়ৰ পৰ্যায়ৰ উশ্বু খেলুৱৈ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *