গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অসমৰ পাৰ্থ জৈনে শ্ৰীলংকাৰ কলম্বোত ১৮-১৯ ছেপ্তেম্বৰত অনুষ্ঠিত দুই দেশীয় ৰোলবল প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি সোনৰ পদক অৰ্জন কৰে। অসম ৰোলবল সংস্থাই পাৰ্থৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। ১৪ বছৰ অনুৰ্ধৰ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰা পাৰ্থই শ্ৰীলংকাক তিনিখন লীগ মেচৰ দুখনতে পৰাস্ত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে।
গুৱাহাটী ৰোলাৰ স্পৰ্টছ একাডেমীৰ প্ৰশিক্ষাৰ্থী পাৰ্থ জৈন ৰয়েল গ্লোবেল স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ। আৰু নিকিতা জৈন আৰু অমিত জৈনৰ পুত্ৰ।


0 Comments