গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
যোৱা ৫ আৰু ৬ ছেপ্তেম্বৰত গুৱাহাটীৰ পল্টনবজাৰস্থিত গোৰ্খা ভৱনত অনুষ্ঠিত হয় "দ্বিতীয় নৰ্থ ইষ্ট কুংফু ফেডাৰেছন কাপ ২০২৬" ।কুংফু স্পৰ্টছ এছচিয়েচন অৱ আছামৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে উত্তৰ পূবৰ ৫ খন ৰাজ্যই।চান্দা আৰু টাউলু ইভেন্টত প্ৰায় ২০০ গৰাকী খেলুৱৈ-এ ক্ৰীড়াঙ্গনত উজাৰি দিলে শ্ৰেষ্ঠত্ব।এই প্ৰতিযোগিতাৰ পৰাই জম্মু কাশ্মীৰত অনুষ্ঠিত হ'বললগা "ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপ"ৰ বাবে কৰা হ'ব খেলুৱৈ বাছনি।প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে কুংফু স্পৰ্টছ অৱ আছামৰ সভাপতি চিফু এল ৰতন সিঙে।
এই প্ৰতিযোগিতাত অসমৰ প্ৰায় ৬০ গৰাকী খেলুৱৈ-এ ৰাজ্যক কৰিছে প্ৰতিনিধিত্ব।অসমৰ দলটোৱে সুন্দৰ প্ৰদৰ্শনেৰে "শ্ৰেষ্ঠ দল"ৰ সন্মান বুটলিব বুলি আশাবাদী কুংফু স্পৰ্টছ এছচিয়েচন অৱ আছামৰ সাধাৰণ সম্পাদক আজহাৰুল আমিনে।লগতে জম্মু কাশ্মীৰত অনুষ্ঠিত হ'বলগা নেচনেলৰ পৰা আগন্তুক "চাউথ এছিয়া কাপ"লৈ খেলুৱৈ বাছনি কৰা হ'ব বুলি জনালে সন্থাৰ সম্পাদক জনে
।
"কুংফু ক্ৰীড়া কেইবাটাও সমৰকলাৰ পিতৃস্বৰূপ।কুংফু ক্ৰীড়াক স্বীকৃতি প্ৰদান নকৰিলে খেলুৱৈৰ জীৱন অন্ধকাৰ হ'ব"।
এই মন্তব্য কৰি চৰকাৰ তথা অলিম্পিক সন্থাক "কুংফু স্পৰ্টছ এছচিয়েচন অৱ আছাম"ৰ সভাপতি চিফি এল ৰতন সিঙে জনালে এক আহ্বান।
ক্ৰীড়া অনুৰাগীৰ আশা-এনে প্ৰতিযোগিতাৰ আঁচলত ধৰি ক্ৰীড়াঙ্গনত বহুদূৰ আগুৱাই যাওঁক অসমৰ কুংফু খেলুৱৈ ।নেচনেলত দুৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তে আগন্তুক "চাউথ এছিয়া কাপ"লৈ বাছনি লাভ কৰক অসমৰ অভিলেখ সংখ্যক খেলুৱৈ-এ।


0 Comments