গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
"ষষ্ঠ কামৰূপ জিলা কাৰাটে চেম্পিয়নশ্বিপ"।৩৫০ গৰাকী কাৰাটেকাৰ সমাবেশ।
মণ্ডল পৰ্যায়ৰ প্ৰতিযোগিতালৈ খেলুৱৈ বাছনি।
দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাল্টিপাৰপ'জ ইনডৰ হ'লত অনুষ্ঠিত হয় "ষষ্ঠ সংখ্যক কামৰূপ জিলা কাৰাটে চেম্পিয়নশ্বিপ-২০২৬"।কামৰূপ জিলা কাৰাটে ডু এছচিয়েচনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে স্বীকৃতপ্ৰাপ্ত ১৪ টা ক্লাবৰ খেলুৱৈ-এ।প্ৰতিযোগিতাখনত অৱৰ্তীণ হ'ল বৃহত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত হাজো,ছয়গাও,মিৰ্জা,বিজয়নগৰ,পলাশবাৰী,আজাৰা,লংকেশ্বৰ,ডমডমা,শুৱালকুছি ,
কুকুৰমৰা আদি অঞ্চলৰ খেলুৱৈ।ছাব-জুনিয়ৰ,জুনিয়ৰ ,কেডেট আৰু ছিনিয়ৰ -মুঠ চাৰিটা শাখাত প্ৰায় ৩৫০ গৰাকী কাৰাটেকাই ক্ৰীড়াঙ্গনত উজাৰি দিলে শ্ৰেষ্ঠত্ব।এই প্ৰতিযোগিতাৰ পৰাই সমাগত মণ্ডল পৰ্যায়ৰ প্ৰতিযোগিতালৈ খেলুৱৈ কৰা হ'ব বাছনি।
সেইদৰে,পৰৱৰ্তী সময়ত মণ্ডল পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা ৰাজ্যিক প্ৰতিযোগিতালৈ বাছনি কৰা হ'ব কামৰূপ জিলাৰ খেলুৱৈ।
দেওবাৰে এদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণৰ সঞ্চালক ড০ ৰঞ্জন কাকতি,গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ সভাপতি গুঞ্জন ডেকা, পংকজ ভঁৰালীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ।
অতিথিসকলে খেলুৱৈসকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ আগবঢ়োৱাৰ লগতে মেডেল প্ৰদানেৰে কৰিলে উৎসাহিত।
ডিঙিত মেডেল পিন্ধি খেলুৱৈ সকলৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি।
আয়োজকৰ হৈ প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে ৰূপক ৰাজবংশী-এ।
ক্ৰীড়া অনুৰাগীৰ আশা- এনে প্ৰতিযোগিতাৰ আঁচলত ধৰি ক্ৰীড়াঙ্গনত বহুদূৰ আগুৱাই যাওঁক কামৰূপ জিলাৰ কাৰাটেকা।
সমাগত মণ্ডল আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত উৎকৃষ্ট প্ৰদৰ্শনেৰে খেলুৱৈসকলে কামৰূপ জিলালৈ কঢ়িয়াই আনক কৃতিত্বৰ বতৰা ।


0 Comments