আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছঃছোৱালীৰ খিতাপৰ যুঁজত ভাৰতৰ শ্ৰীনীতিৰ প্ৰতিদ্বন্দ্বী উজবেকিস্তানৰ কিম

November 19, 2026

K

Gogo Sports NE

গুৱাহাটী, ১৯ নৱেম্বৰঃ গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা আই টি এফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ ছোৱালীৰ একক শাখাৰ ফাইনেল ভাৰতৰ শ্ৰীনীতি চৌধুৰী আৰু উজবেকিস্তানৰ কেইৰা কিমৰ মাজত অনুষ্ঠিত হ’ব৷ বৃহস্পতিবাৰে অনুষ্ঠিত ছেমিফাইনেলত চতুৰ্থ বাচনিৰ শ্ৰীনাতিয়ে ৬-২, ৬-১ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে ফ্ৰান্সৰ পঞ্চম বাচনিৰ ভেলেৰিয়া গালিয়াভাক৷ আনহাতে, আনখন ছেমিফাইনেলত তৃতীয় বাচনিৰ ভাৰতৰ আলীনা ফৰিদক ৬-৩, ৬-১ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় বাচনিৰ কিমে খিতাপৰ যুঁজলৈ অগ্ৰসৰ হয়৷

ইফালে, বৃহস্পতিবাৰে হোৱা ল’ৰাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ পঞ্চম বাচনিৰ ওম পেটেলে ৰাছিয়াৰ তৃতীয় বাচনিৰ ইয়াকভ মাজিনক ৬-১, ৭-৫ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰাৰ লগে লগে এই খিতাপ ভাৰতীয় খেলুৱৈয়ে লাভ কৰাটো নিশ্চিত হৈছে৷ ছেমিফাইনেলত প্ৰৱেশ কৰা আন তিনি ভাৰতীয় খেলুৱৈ হ’ল- যশৱিন দাহিয়া, নীল কেলকাৰ আৰু মন্নন অশোক আগৰৱালা৷ উল্লেখ্য যে মন্ননে কোৱাৰ্টাৰ ফাইনেলত ৬-০, ৭-৬[৩] ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে অসম সন্তান আৰৱ ঢেকিয়ালক৷

সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা আই টি এফ স্বীকৃত ১৮ বছৰ অনুৰ্ধৰ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনৰ ছোৱালীৰ ফাইনেল মেচ শুক্ৰবাৰে পুৱা অনুষ্ঠিত হ’ব৷ আনহাতে, শুক্ৰবাৰে ল’ৰাৰ ছেমিফাইনেল হোৱাৰ লগতে উভয় শাখাৰ ডাবলছৰ খিতাপৰ যুঁজো অনুষ্ঠিত হ’ব৷ ২১ নৱেম্বৰত সামৰণি পৰিব লগা প্ৰতিযোগিতাখনৰ অন্তিম দিনা ল’ৰাৰ ফাইনেল অনুষ্ঠিত হ’ব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *