“অপেন কীডছ এথলেটিকছ প্ৰতিযোগিতা”ৰ সফল সামৰণি

November 16, 2026

K

Gogo Sports NE

"অপেন কীডছ এথলেটিকছ প্ৰতিযোগিতা"ৰ সফল সামৰণি । দুই শতাধিক শিশু খেলুৱৈৰ অংশগ্ৰহণ।
৬ বছৰ পৰা ১২ বছৰ বয়সৰ খেলুৱৈৰ ক্ৰীড়া প্ৰদৰ্শন।

যোৱা ১৪ নৱেম্বৰত আই আই টি গুৱাহাটীত অনুষ্ঠিত হয় "অপেন কীডছ এথলেটিকছ প্ৰতিযোগিতা" । শিশু দিৱসৰ দিনটোতে "কীডছ স্পৰ্টছ এছচিয়েচন"ৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত সমাবেশ ঘটিল দুই শতাধিক শিশু খেলুৱৈৰ। ৬ বছৰৰ পৰা ১২ বছৰৰ ভিতৰৰ খেলুৱৈৰ বাবে আয়োজিত এই প্ৰতিযোগিতাত ৬০ মিটাৰ, লং জাম্প,হাই জাম্প,বেক থ্ৰ,কীডছ জেভলিন ,৬০০ মিটাৰ ,হাই জাম্প আদি ইভেন্টত খেলুৱৈসকলে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন।

প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল আই.আই .টি. গুৱাহাটীৰ উপ-সঞ্চালক অধ্যাপক উদয় শংকৰ দিক্ষীত ,অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ অশোক ভঁৰালী, ডিছকাছ কুইন খ্যাত প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ খেলুৱৈ তথা কীডছ এছচিয়েচনৰ উপদেষ্টা তৈবুন নিছা, সভাপতি ড০ দিগন্ত শইকীয়া,সাধাৰণ সম্পাদক আব্দুল বাৰেক,কোষাধ্যক্ষ কনক দাসৰ দৰে বিশিষ্ট ব্যক্তিসকল। অতিথিসকলে কণ কণ খেলুৱৈসকলক শুভেচ্ছামূলক ভাষণেৰে কৰিলে উৎসাহিত। পতাকা উত্তোলনেৰে প্ৰতিযোগিতা শুভাৰম্ভ কৰিলে আই.আই. টি. গুৱাহাটীৰ উপ-সঞ্চালক অধ্যাপক উদয় শংকৰ দিক্ষীতে ।

কণ কণ খেলুৱৈসকলক প্ৰত্যক্ষ কৰি সোঁৱৰণিৰ পৃষ্ঠা খুলিলে "ডিছকাছ কুইন" তৈবুন নিছাই। ৬ ৰ পৰা ১২ অনুৰ্ধ খেলুৱৈৰ বাবে এনে প্ৰতিযোগিতা কেতিয়াবাৰে পৰা পোষকতা কৰিছিল তৈবুন নিছাই। "কীডছ স্পৰ্টছ এছচিয়েচনে" আয়োজন কৰা প্ৰতিযোগিতাৰ জৰিয়তে প্ৰতিভাৱান শিশু খেলুৱৈসকলক বাছনি কৰাত সুবিধা হ'ব বুলি মন্তব্য কৰে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলেটিছ খেলুৱৈ গৰাকী-এ ।

সমবেত শিশু খেলুৱৈসকলক দেখি আপ্লুত অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তথা অসম এথলেটিকছ সন্থাৰ উপ সভাপতি অশোক কুমাৰ ভঁৰালী। খেলুৱৈৰ স্বাৰ্থত "কীডছ স্পৰ্টছ এছচিয়েন"ক পদক্ষেপত সহযোগিতা কৰিবলৈ সাজু অশোক কুমাৰ ভঁৰালী ।

খেলা ধূলা মাধ্যমেৰে শিশু সকলৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ উন্নীতকৰণ তথা প্ৰতিযোগিতাৰ এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যেৰে জন্ম লাভ কৰিছিল "কীডছ স্পৰ্টছ এছচিয়েচন"-এ । শিশুৰ বাবে উৎসৰ্গিত ক্ৰীড়া অনুষ্ঠানটো-এ প্ৰথম পদক্ষেপ হিচাপে আয়োজন কৰিলে "অপেন কীডছ এথলেটিকছ প্ৰতিযোগিতা" । প্ৰথমটো পদক্ষেপতে সুন্দৰ সঁহাৰি লাভ কৰি আনন্দিত "কীডছ স্পৰ্টছ এছচিয়েচন"ৰ সভাপতি ড০ দিগন্ত শইকীয়া ।

ক্ৰীড়া অনুৰাগীৰ আশা- "কীডছ স্পৰ্টছ এছচিয়েচন"ৰ পদক্ষেপ হওঁক সূদূৰপ্ৰসাৰী । আগন্তুক সময়ত "এথলেটিকছ"ৰ উপৰি বাকী ইভেন্টতো শিশু খেলুৱৈৰ বাবে অনুষ্ঠিত হওঁক প্ৰতিযোগিতা ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *