গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
৩০ আগষ্ট, দেওবাৰে পুৱা ৮ বজাৰ পৰা গণেশ মন্দিৰ ইণ্ড'ৰ ষ্টেডিয়ামত গুৱাহাটী জিলা কাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব ষষ্ঠ গুৱাহাটী জিলা কাৰাটে প্ৰতিযোগিতা। প্ৰায় এহেজাৰ কাৰাটেকাৰে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মুঠ ৪৮ টা ক্লাবে অংশগ্ৰহণ কৰিব। এদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত ছাব জুনিয়ৰ, কেডেট, জুনিয়ৰ, অনুৰ্ধ্ব ২১ বছৰ, ছিনিয়ৰকে ধৰি আটাইকেইটা বয়স, ওজন শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখন সফল কৰি তোলাৰ ক্ষেত্ৰত সকলোৰে সহায়, সহযোগিতা আন্তৰিকতাৰে কামনা কৰাৰ লগতে খেলুৱৈসকলক আগতীয়াকৈ শুভেচ্ছা জনাইছে সন্থাৰ সভাপতি তথা মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় কুমাৰ গুপ্তা আৰু সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে।


0 Comments