অন্ত পৰিল আইচি-নাগোয়াৰ “২০ সংখ্যক এছিয়ান গেমছ”: ভাৰতীয় দলৰ ফলাফলৰ সবিশেষ

October 4, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

আইচি-নাগোয়াৰ "২০ সংখ্যক এছিয়ান গেমছ"ৰ সফল সামৰণি । মুঠ ৩৪১ টা পদকেৰে শীৰ্ষত জিলিকিল চীন। মুঠ ৮৫ টা পদকেৰে চতুৰ্থ স্থানত ভাৰত। এথলেটিকছত ভাৰতৰ সৰ্বাধিক ২৪ টা পদক ।

যোৱা ১৯ ছেপ্তেম্বৰৰ পৰা জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত "২০ সংখ্যক এছিয়ান গেমছ-২০২৬"ৰ দেওবাৰে সফলতাৰে অন্ত পৰিল । মুঠ ৮৫ টা পদকেৰে তালিকাৰ চতুৰ্থ স্থানত জিলিকিল ভাৰত । ইয়াৰে ২১ টা সোণ,২৭ টা ৰূপ আৰু ৩৭ টা ব্ৰঞ্জৰ পদক । সেইদৰে ১৬৯ টা সোণ,৮৯ টা ৰূপ ,৮৩ টা ব্ৰঞ্জসহ মুঠ ৩৪১ টা পদকেৰে শীৰ্ষ স্থান অধিকাৰ কৰে চীনে । তদুপৰি ৮৩ টা সোণ ,৯৫ টা ৰূপ,৯১ টা ব্ৰঞ্জসহ মুঠ ২৬৯ টা পদকেৰে দ্বিতীয়ত থাকিল আয়োজক জাপান।আনহাতে, ৩৯ টা সোণ,৪৩ টা ৰূপ,৬৮ টা ব্ৰঞ্জসহ মুঠ ১৫০ পদকেৰে তৃতীয়ত স্থানত অভিযান সামৰিলে দক্ষিণ কোৰিয়াই ।

আইচি-নাগোয়া "এছিয়ান গেমছ"ৰ এথলেচিকছত ভাৰতে লাভ কৰিলে সৰ্বাধিক ২৪ টা পদক । সেইদৰে দ্বিতীয় সৰ্বাধিক ১৫ টা পদক শ্বুটিঙত আৰু তৃতীয় সৰ্বাধিক ৯ টা পদক ভাৰতে লাভ কৰিলে আৰ্চাৰীত । তদুপৰি , বক্সিঙত ৬ টা, ৰেষ্টলিঙত ৬ টা ,স্কোৱাছত ৫ টা ,চেইলিঙত ৩ টা ,ক্ৰিকেটত ২ টা,হকীত ২ টা,কাবাডীত ২ টা , গল্ফত ২ টা পদক লাভ কৰে ভাৰতে । আনহাতে, ভাৰোত্তোলন, উশ্বু, বেডমিন্টন,কোৰাছ,মিক্সড মাৰ্চিয়েল আৰ্টছ ,ৰ'য়িং ,চেপাকটাক্ৰ,চফ্ট টেনিছ আৰু টেবুল টেনিছত ভাৰতে অৰ্জন কৰে ১ টাকৈ পদক ।

ভাৰতে আৰ্চাৰীত ৫ টা,শ্বুটিঙত ৩ টা ,বক্সিঙত ৩ টা ,ৰেষ্টলিঙত ২ টা ,ক্ৰিকেটত ২ টা ,হকীত ২ টা,কাবাডীত ২ টা,এথলেটিকছত ১ টা গ'ল্ফত ১ টা সহ মুঠ ২১ টা স্বৰ্ণপদক জয়েৰে তালিকাৰ চতুৰ্থ স্থানলৈ দেশক উন্নীত কৰাৰ ক্ষেত্রত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে ।

উল্লেখ্যে যে, সদ্যসমাপ্ত "২০ এছিয়ান গেমছ"ৰ পঞ্চদশ দিনটোত পুৰুষ-মহিলা উভয় শাখাৰ কাবাডীতে ভাৰতে লাভ কৰে স্বৰ্ণ । "এছিয়ান গেমছ-২০২৬"ৰ পুৰুষ আৰু মহিলা শাখাৰ কাবাডীত স্বৰ্ণজয়ৰ সুবাদত ভাৰতীয় উভয় দলেই ২০২৮ ৰ "লছ এঞ্জেলছ" অলিম্পিকৰ বাবে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিলে । আনহাতে,মহিলা ৰিকাৰ্ভ ব্যক্তিগত শাখাত কুুমকুম অনিল মহোদে স্বৰ্ণ দখল কৰাৰ পাছতে ২০২৮ ৰ "লছ এঞ্জেলছ অলিম্পিক"ৰ বাবে কোটা লাভ কৰে ভাৰতীয় আৰ্চাৰ গৰাকীয়ে।

বক্সিঙত ভাৰতে ৩ সোণ,৩ টা ব্ৰঞ্জসহ ৬ পদক দখল কৰিছে । ইয়াৰ ভিতৰত অসমকন্যা লাভলীনা বৰগোঁহাইয়ে মহিলাৰ ৭৫ কেজি শাখাত ভাৰতক উপহাৰ দিয়ে এটি স্বৰ্ণ পদক ।

ক্ৰীড়া অনুৰাগীৰ আশা- আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াঙ্গনত ভাৰতীয় এথলীটৰ এই বিজয়ীধাৰা হওক অপ্ৰতিৰোধ্য । "২০ সংখ্যক এছিয়ান গেমছ"ত অংশগ্ৰহণ কৰা তথা পদকজয়ী প্ৰতিগৰাকী ভাৰতীয় দলৰ সদস্যক গ'গ' স্পৰ্টছ এন ইৰ তৰফক পৰা জনালো অভিনন্দন ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *