গুৱাহাটী ছাইত “ চানডে অন চাইকেল ” কাৰ্যসূচীৰ ৯১ তম সংস্কৰণ

September 20, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই), আঞ্চলিক কেন্দ্ৰ, গুৱাহাটীয়ে দেওবাৰে গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই আঞ্চলিক কেন্দ্ৰত সাংবাদিকসকলৰ অংশগ্ৰহণেৰে “ চানডে অন চাইকেল ” কাৰ্যসূচীৰ ৯১তম সংস্কৰণ আয়োজন কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰথম খবৰ ২৪x৭ৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ ।
অনুষ্ঠানত দৈনিক বাতৰি কাকত হিমালয়ান মিৰ’ৰ জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় হাজৰিকাও উপস্থিত থাকে আৰু সংবাদ মাধ্যমৰ অন্যান্য প্ৰতিনিধিসকলৰ সৈতে "চানডে অন চাইকেল" কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ছাই আঞ্চলিক কেন্দ্ৰ, গুৱাহাটীৰ সহকাৰী সঞ্চালক শিৱম পাণ্ডেও অনুষ্ঠানত উপস্থিত থাকি কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰাত সহায়-সহযোগিতা আগবঢ়ায়।

"চানডে অন চাইকেল" কাৰ্যসূচী হৈছে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত সুস্থতা, শাৰীৰিক সক্ষমতা আৰু নিয়মীয়া শাৰীৰিক কাৰ্যকলাপৰ সংস্কৃতি গঢ়ি তোলাৰ বাবে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই)ৰ নিৰন্তৰ প্ৰচেষ্টাৰ এক অংশ। এনে পদক্ষেপৰ জৰিয়তে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে ব্যক্তিসকলক চাইকেল চলোৱাৰ লগতে অন্যান্য নিয়মীয়া শাৰীৰিক কাৰ্যকলাপক স্বাস্থ্যকৰ আৰু সক্ৰিয় জীৱনশৈলীৰ অংশ হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি আহিছে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *