গুৱাহাটী, ৩০ অক্টোবৰঃ সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত আৰু গুৱাহাটী কাৰাটে সন্থাৰ সহযোগত ৩১ অক্টোবৰ, শনিবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প’স্থিত কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়াম’ত অনুষ্ঠিত হ’ব "অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা-২০২৬।"
প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰায় ১৩০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ প্ৰায় ১৫০ জন টেকনিকেল অফিচিয়েল উপস্থিত থাকিব। পুৰুষ আৰু মহিলা উভয় শাখাৰ বাবে আয়োজিত এই প্ৰতিযোগিতাখন ছাব জুনিয়ৰ, কেডেট, জুনিয়ৰ, ২১ বছৰ অনুৰ্ধ আৰু ছিনিয়ৰ পৰ্যায়ত বিভিন্ন বয়স, ওজন শাখাত মুঠ ১৩৭ টা ব্যক্তিগত আৰু প্ৰায় ২৫ টা দলীয় শাখাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখন উদ্বোধন কৰিব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিৱ দেৱজিৎ শইকীয়াই। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত খেলুৱৈ, অভিভাৱক তথা সন্থাৰ সকলো বিষয়ববীয়াৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰাৰ লগতে প্ৰতিগৰাকী খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছে সদৌ অসম কাৰাটে সন্থাৰ সভাপতি দিগন্ত কলিতা, জ্যেষ্ঠ উপ-সভাপতি ড০ বিজয় গুপ্তা আৰু সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে।


0 Comments