” ছিনিয়ৰ নেচনেল পেৰা চুইমিং চেম্পিয়নশ্বিপ-২০২৬” ত বিজয়ধ্বজ্জা উৰুৱাবলৈ সাজু অসম দল

November 9, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ভূপালত "নেচনেল পেৰা চুইমিং চেম্পিয়নশ্বিপ-২০২৬" । প্ৰতিযোগিতাৰ বাবে ১৬ জনীয়া অসম দল সাজু।
অসম পেৰালিম্পিক সন্থাৰ শুভেচ্ছা ।

অহা ১২ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ ভূপালত অনুষ্ঠিত হ'ব " নেচনেল পেৰা চুইমিং চেম্পিয়নশ্বিপ-২০২৬" ।
এই প্ৰতিযোগিতাত বাবে সাজু হৈছে ১১ গৰাকী খেলুৱৈ,২ গৰাকী প্ৰশিক্ষক ,৩ গৰাকী এছক'টৰে গঠিত মুঠ ১৬ জনীয়া অসম দল।
১৫ দিনীয়া প্ৰশিক্ষণ শিবিৰ সামৰি অহা ১০ নৱেম্বৰত গুৱাহাটীৰ পৰা ভূপালৰ অভিমুখে ৰাওনা হ'ব অসম দলটো। অসম এৰাৰ প্ৰাকক্ষণত শনিবাৰে আবেলি সৰুসজাইস্থিত অসম পেৰালিম্পিক সন্থাৰ মুখ্য কাৰ্যালয়ত জাৰ্ছি বিতৰণ কৰাৰ লগতে অসম দলৰ পেৰা খেলুৱৈসকলক প্ৰতিযোগিতাৰ বাবে সন্থাই জনালে শুভেচ্ছা।যোৱাবাৰ ছাব-জুনিয়ৰ ,জুনিয়ৰ আৰু ছিনিয়ৰ শাখা মিলাই অসমে অৰ্জন কৰিছিল মুঠ ১৪ টা পদক।
কিন্তু এইবাৰ কেৱল "ছিনিয়ৰ" শাখাত অসমক প্ৰতিনিধিত্ব কৰিবলগীয়া দলটোত আছে প্ৰায় ৬ গৰাকী পূৰ্বে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদকজয়ী পেৰা সাঁতোৰবিদ । অসম দলটোৱে আগন্তুক ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন কৰিব বুলি আশাবাদী অসম পেৰালিম্পিক সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ দে'।

এইবাৰ ছিনিয়ৰ পৰ্যায়ত অনুষ্ঠিত হ'বলগা "নেচনেল পেৰা চুইমিং চেম্পিয়নশ্বিপ"খন খেলুৱৈসকলৰ বাবে ইমান সহজ নহ'ব । কাৰণ জাপানত অনুষ্ঠিত হৈ যোৱা "পেৰা এছিয়ান গেমছ"ত ভাৰতক প্ৰতিনিধিত্ব কৰা ১৭ গৰাকী পেৰা সাঁতোৰবিদে অংশগহণ কৰিব এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত।
তথাপি পদক জয়ৰ লক্ষেৰে ক্ৰীড়াঙ্গনত শ্ৰেষ্ঠত্ব উজাৰি দিবলৈ সাজু অসম দল।

বিগত বৰ্ষতকৈ এইবাৰ অসম দলৰ মেডেলৰ সংখ্যা বৃদ্ধি পোৱাৰ আশা ব্যক্ত কৰিলে অসম পেৰালিম্পক সন্থাৰ সন্থাৰ সভাপতি চন্দন বৰুৱাই।তেওঁ অসমৰ সাঁতোৰৰ দলটোত জনালে শুভেচ্ছা । প্ৰতিযোগিতাৰ বাবে অসম দলৰ প্ৰস্তুতি সন্দৰ্ভত জনালে পেৰা খেলুৱৈসকলে।
টুৰ্ণামেন্ট সমূহত অংশগ্ৰহণ কৰিবলৈ এখন মঞ্চ প্ৰদান কৰাৰ বাবে তেওঁলোকে অসম পেৰালিম্পিক সন্থাক ধন্যবাদসহ জনালে কৃতজ্ঞতা ।

ক্ৰীড়া অনুৰাগীৰ আশা-ভূপালৰ "নেচনেল পেৰা চুইমিং চেম্পিয়নশ্বিপ"ত অপ্ৰতিৰোধ্য হৈ উঠক অসমৰ পেৰা খেলুৱৈ।
দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমে লাভ কৰক অভিলেখ সংখ্যক পদক।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *