গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
"ষষ্ঠ সংখ্যক সদৌ অসম গাটকা ৰাজ্যিক চেম্পিয়নশ্বিপ"।"গাটকা এছচিয়েচন অৱ আছাম"ৰ উদ্যোগ।
১২০ গৰাকী গাটকা খেলুৱৈৰ অংশগ্ৰহণ।জীপাল "আছাম স্পৰ্টছ একাডেমী"ৰ প্ৰাংগন।
যোৱা ১৭ আগষ্টত গুৱাহাটীৰ কালাপাহাৰস্থিত আছাম স্পৰ্টছ একাডেমীত এদিনীয়াকৈ অনুষ্ঠিত হয় "ষষ্ঠ সংখ্যক সদৌ অসম গাটকা ৰাজ্যিক চেম্পিয়নশ্বিপ-২০২৬"।"গাটকা এছচিয়েচন অৱ আছাম"ৰ উদ্যোগত আছাম স্পৰ্টছ একাডেমী-এ আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে প্ৰায় ১২০ গৰাকী খেলুৱৈ-এ ।চিলড্ৰেন,ছাব-জুনিয়ৰ ,জুনিয়ৰ ,ছিনিয়ৰ আদি শাখাত খেলুৱৈসকলে ক্ৰীড়াঙ্গনত উজাৰি দিছে শ্ৰেষ্ঠত্ব।
এই ৰাজ্যিক প্ৰতিযোগিতাত কামৰূপ মেট্ৰ-এ "শ্ৰেষ্ঠ দল"ৰ সন্মান আজুৰি অনাৰ বিপৰীতে "প্ৰথম ৰাৰ্ণাছ আপ" গোৱালপাৰা আৰু "দ্বিতীয় ৰাৰ্ণাছ আপ" ৰূপে উজলিল প্ৰাগজ্যোতিষপুৰ স্পৰ্টছ একাডেমী।
ইফালে,এই ৰাজ্যিক প্ৰতিযোগিতাৰ পৰাই ছিনিয়ৰ নেচনেল,ছাব-জুনিয়ৰ নেচনেল আৰু জুনিয়ৰ নেচনেলৰ বাবে বাছনি কৰা হ'ব অসমৰ খেলুৱৈ।
তদুপৰি ,সমাগত "৭০ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ"ৰ বাবেও অসমৰ গাটকা খেলুৱৈ কৰা হ'ব বাছনি।লগতে এই প্ৰতিযোগিতাৰ আঁচলত ধৰিয়েই "খেলো ইণ্ডিয়া য়ুথ গেমছ"ৰ বাবেও অসমৰ গাটকা দলটো ৰাষ্ট্ৰীয় বাছনি শিবিৰলৈ ৰাওনা হ'ব ।প্ৰতিযোগিতাস্থলীত উপস্থিত থাকি খেলুৱৈসকলক মেডেল প্ৰদানেৰে উৎসাহিত কৰিলে "গাটকা এছচিয়েচন অৱ আছাম"ৰ কোষাধ্যক্ষ পাপু খানে।আগন্তুক "ফেডাৰেছন নেচনেল"কে ধৰি অনান্য ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত নিৰ্বাচিত অসমৰ খেলুৱৈসকলে সুন্দৰ ফলাফল দাঙি ধৰিব বুলি আশাবাদী সন্থাৰ কোষাধ্যক্ষ গৰাকী ।
প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ সুযোগ প্ৰদান কৰাৰ কাৰণে "গাটকা এছচিয়েচন অৱ আছাম"ক ধন্যবাদ জনালে "আছাম স্পৰ্টছ একাডেমী"ৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক গণেশ দেৱনাথে।আগন্তুক সময়ত গাটকা ক্ৰীড়াৰ জৰিয়তে "খেলো ইণ্ডিয়া য়ুথ গেমছ" ,"নেচনেল গেমছ" আদিৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেন্টত একাডেমীৰ খেলুৱৈসকল জিলিকি উঠিব বুলি আশা ব্যক্ত কৰে গণেশ দেৱনাথে।
ক্ৰীড়া অনুৰাগীৰ আশা- সমাগত ৰাষ্ট্ৰীয় গাটকা টুৰ্ণামেন্ট সমূহত অসমৰ খেলুৱৈ-এ দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজ্যলৈ কঢ়িয়াই আনক গৌৰৱভৰা কৃতিত্ব।"গাটকা এছচিয়েচন অৱ আছাম"ৰ বলিষ্ঠ পদক্ষেপত ক্ৰীড়াঙ্গনত দোপদদোপে আগুৱাই যাওঁক অসমৰ সম্ভাৱনাপূৰ্ণ গাটকা খেলুৱৈ।


0 Comments