বৃহস্পতিবাৰে গুৱাহাটীত ডুৰাণ্ড কাপৰ অন্তিম মেচ,কোৱাৰ্টাৰলৈ যোগ্যতাৰ বাবে বড়োলেণ্ড এফ চিক বৃহৎ জয়ৰ প্ৰয়োজন

August 12, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত চলি থকা "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা"ৰ বৃহস্পতিবাৰে অন্তিমখন গ্ৰুপ মেচ অনুষ্ঠিত হ’ব৷ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা গ্ৰুপ ‘এফ’ৰ ষষ্ঠ মেচখনত অসমৰ দুই দল কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চি আৰু বড়োলেণ্ড এফ চি মুখামুখি হ’ব৷

উল্লেখ্য যে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ বাবে এই মেচ গুৰুত্বহীন৷ কাৰণ প্ৰথম দুখন মেচত পৰাস্ত হৈ দলটো ইতিমধ্যে নকআউট সমিকৰণৰ পৰা আঁতৰি গৈছে৷ কিন্তু বড়োলেণ্ড এফ চিয়ে এই মেচখনত আশাৰে অৱতীৰ্ণ হ’ব ৷ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব পাৰিলে বড়োলেণ্ড এফ চিৰ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জনৰ আশা এতিয়াও সজীব আছে৷

স্মৰ্তব্য যে ,এইবাৰ ডুৰাণ্ড কাপত ছটা গ্ৰুপৰ শীৰ্ষ দলটোৰ লগতে দ্বিতীয় স্থানৰ শীৰ্ষ দুটা দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব৷ গুৱাহাটীত হোৱা গ্ৰুপ ‘এফ’ৰ পৰা শীৰ্ষ দলৰূপে নৰ্থ ইষ্ট ইউনাইটেডে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, দুখন মেচৰ এখনত জয়ী হোৱা বড়োলেণ্ড এফ চিয়ে বৃহস্পতিবাৰে অন্তিম মেচত জয়লাভ কৰিলে ৬ পইণ্ট লাভ কৰিব৷

ছটা গ্ৰুপৰ দ্বিতীয়স্থানৰ দলৰ পৰা ইষ্ট বেংগলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ প্ৰায় নিশ্চিত হৈছে৷ বাকী থকা এটা স্থানৰ বাবে দৌৰত আছে জামছেদপুৰ এফ চি, ছমলেশ্বৰী স্পৰ্টিং আৰু বড়োলেণ্ড এফ চি৷ সেয়ে বৃহস্পতিবাৰৰ মেচখনত বড়োলেণ্ড এফ চিয়ে বৃহৎ ব্যৱধানত জয়ী হ’লে নকআউট ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰাৰ সুযোগ আছে৷

ইফালে, শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বৃহস্পতিবাৰে হ’বলগা এখন গুৰুত্বপূৰ্ণ মেচত ছিলং লাজং এফ চি আৰু লালছিং এফ চি মুখামুখি হ’ব৷ এই মেচৰ বিজয়ী দলটোৱে গ্ৰুপ শীৰ্ষ হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব৷ ইফালে, বুধবাৰে ইম্ফলত হোৱা গ্ৰুপ ‘ডি’ৰ অন্তিম মেচত নেৰ’কা এফ চিয়ে ৩-১ ত এফ চি ৰেংডাই দলক পৰাস্ত কৰে৷ ৰেংডাই দলে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাত এই মেচ গুৰুত্বহীন আছিল৷

উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন প্ত’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *