গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
"ষষ্ঠ গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপ"ৰ সফল সামৰণি।৯০০ গৰাকী কাৰাটেকাৰ ক্ৰীড়া প্ৰদৰ্শন।
জ'নেল কাৰাটে প্ৰতিযোগিতালৈ খেলুৱৈ বাছনি।
দেওবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত গণেশ মন্দিৰ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়" ষষ্ঠ সংখ্যক গুৱাহাটী জিলা কাৰাটে প্ৰতিযোগিতা-২০২৬"।
সদৌ অসম কাৰাটে সন্থাৰ তত্বাবধানত তথাগুৱাহাটী জিলা কাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে প্ৰায় ৪৫ টা ক্লাবে।ক্ৰীড়াঙ্গনত সমাবেশ ঘটিল ৯০০ গৰাকী কাৰাটেকাৰ।এদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত ছাব-জুনিয়ৰ,কেডেট,
জুনিয়ৰ,অনুৰ্ধ ২১ ,ছিনিয়ৰকে ধৰি আটাইকেইটা বয়স আৰু ওজন গোটৰ শাখাত খেলুৱৈসকলে ক্ৰীড়াঙ্গনত উজাৰি দিলে শ্ৰেষ্ঠত্ব।
এই প্ৰতিযোগিতাৰ পৰা আগন্তুক জ'নেল কাৰাটে প্ৰতিযোগিতাৰ বাবে কৰা হ'ব খেলুৱৈ বাছনি।আনহাতে জ'নেলত সোণজয়ী খেলুৱৈ-এ আগন্তুক ৰাজ্যিক প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব।এই সন্দৰ্ভত জনালে গুৱাহাটী জিলা কাৰাটে সন্থাৰ টেকনিকেল ডাইৰেক্টৰ জয়ন্ত বৰ্মনে।
প্ৰতিযোগিতাখনত বিজয়ী খেলুৱৈ সকলক মেডেল প্ৰদানেৰে উৎসাহিত কৰাৰ উপৰি দলগতভাৱে শ্ৰেষ্ঠতম প্ৰদৰ্শনেৰে উজলি উঠা ক্লাবক প্ৰদান কৰা হয় "শ্ৰেষ্ঠ ক্লাব"ৰ সন্মান।সন্থাৰ সৈতে জড়িত প্ৰয়াত জ্যেষ্ঠ ব্যক্তিৰ সোঁৱৰণত প্ৰদান কৰা হয় "শ্ৰেষ্ঠ ক্লাব"ৰ ট্ৰফী।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰেফাৰী তথা বিচাৰকসকলে প্ৰতিযোগিতাখন সুন্দৰ ৰূপত পৰিচালনা কৰে।
প্ৰতিযোগিতাখনত পদকজয়ী খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে গুৱাহাটী জিলা কাৰাটে সন্থাৰ সভাপতি বিজয় কুমাৰ গুপ্তা আৰু সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰী-এ।ক্ৰীড়া অনুৰাগীৰ আশা-আগন্তুক "জ'নেল কাৰাটে চেম্পিয়নশ্বিপ"ত নিজৰ দক্ষতাৰে উজলি উঠক গুৱাহাটীৰ কাৰাটেকা।


0 Comments