কোকৰাঝাৰ/২৮ অক্টোবৰঃ
কোকৰাঝাৰৰ ছাইৰ এছটিচি খেলপথাৰত ২৫ অক্টোবৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া অস্মিতা পূৱ মণ্ডল হকী লীগৰ খেল খনৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। প্ৰতিযোগিতাখনত ছাব-জুনিয়ৰ আৰু জুনিয়ৰ শাখাত বিভিন্ন ৰাজ্যৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷
প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি বিজয়ী দলসমূহক ট্ৰফী, পদক, প্ৰমাণ-পত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰে।
সামৰণি অনুষ্ঠানত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰত নতুনকৈ এখন হকী গ্ৰাউণ্ড নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে। অঞ্চলটোত হকীৰ প্ৰসাৰ, উন্নত ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তোলা আৰু উদীয়মান খেলুৱৈসকলক প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে বিটিচি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।
তেওঁ যুৱক-যুৱতীসকলক, বিশেষকৈ হকী খেলৰ প্ৰতি আগ্ৰহী খেলুৱৈসকলক কাঠালগুৰিস্থিত এছএআইৰ প্ৰশিক্ষণ কেন্দ্ৰত পেছাদাৰী প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সঠিক প্ৰশিক্ষণ, একাগ্ৰতা আৰু উৎসাহৰ জৰিয়তে বিটিআৰৰ প্ৰতিভাৱান খেলুৱৈসকলে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

মহিলাৰীয়ে লগতে কয় যে বিশ্বত সুনাম থকা হকী খেল আজি প্ৰথম বাৰৰ বাবে উপভোগ কৰি অতি আপ্লুত হোৱা বুলি মন্তব্য কৰে৷ আগতে এনেদৰে বহি কেতিয়াও হকী খেল চোৱা নাছিল কিন্ত আজি বহুত ভালদৰে উপভোগ কৰিছোঁ বুলি মন্তব্য কৰে মহিলাৰীয়৷ বিটিচিটো হকী খেলৰ ওপৰত গুৰুত্ব দিয়া হ’ব সেয়ে বিটিচিত প্ৰাৰম্ভিক পৰ্যায়ত ২০/২৫ কোটি টকাৰ ব্যয় সাপেক্ষে এখন হকী ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে৷ আজিৰ সামৰণি অনুষ্ঠানত বিধায়ক ৰূপম চন্দ্ৰ ৰায়, বিটিচিৰ কাৰ্যবাহী সদস্য তথা আয়োজক সমিতিৰ অধ্যক্ষ দেৰহাছাৎ বসুমতাৰী আৰু কৰ্মেশ্বৰ ৰায়ৰ লগতে এমচিএলএ ধনেশ্বৰ গয়াৰী, খাম্পা বৰগয়াৰী, যুবিৰাজ বসুমতাৰী। অসম হকী সন্থাৰ সভাপতি তপন দাস প্ৰমুখ্যে কেবাগৰাকী বিষয় ববীয়া উপস্থিত আছিল৷ অসম হকী সন্থা আৰু কোকৰাঝাৰ হকী এছ’চিয়েচনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাই অঞ্চলটোৰ হকী খেলৰ প্ৰসাৰ আৰু প্ৰতিভাৱান খেলুৱৈসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে অসম হকী সন্থাৰ সভাপতি তপন দাসে৷

প্ৰতিযোগিতাখনত ছাব-জুনিয়ৰ শাখাৰ চূড়ান্ত খেলত হকী এছচিয়েচনৰ ওড়িশাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে মিজোৰাম হকী দলে ৰানাৰ্ছ-আপৰ সন্মান লাভ কৰে। অসমৰ হকী দল তৃতীয় আৰু সুৰিন্দৰ সিং মেমোৰিয়েল হকী একাডেমীয়ে চতুৰ্থ স্থান লাভ কৰে৷ আনহাতে চাৱজুনিয়ৰ শাখাৰ চূড়ান্ত খেলত ওড়িশা নভেল টাটা হকী হাই পাৰ্ফৰ্মেন্স চেন্টাৰে চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে হকী এছোচিয়েচনৰ ওফ ওড়িশাই ই ৰানাৰ্ছ-আপৰ সন্মান লাভ কৰে। বিহাৰে তৃতীয় স্থান আৰু অসমে চতুৰ্থ স্থান লাভ কৰে৷
প্ৰতিযোগিতাৰ ছাব-জুনিয়ৰ শাখাৰ ফাইনেলত হকী এছ’চিয়েচন অৱ ওড়িশাই হকী মিজোৰামক ৪-০ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।
আনহাতে, জুনিয়ৰ শাখাৰ উত্তেজনাপূৰ্ণ ফাইনেলত নেভেল টাটা হকী হাই পাৰফৰমেন্স চেণ্টাৰ, ওড়িশাই হকী এছ’চিয়েচন অৱ ওড়িশাক ৫-৩ গ’লত পৰাস্ত কৰি চেম্পিয়ন হয়।
ছাব-জুনিয়ৰ শাখাৰ ফাইনেলত ওড়িশাৰ প্ৰিন্সেছ প্ৰিয়াই শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাৰ বিপৰীতে জুনিয়ৰ শাখাত নেভেল টাটা হকী হাই পাৰফৰমেন্স চেণ্টাৰৰ পবিত্ৰা হোডামে এই সন্মান লাভ কৰে।দুয়োটা শাখাৰ চেম্পিয়ন দলক ১ লাখ ৯০ হাজাৰ টকাকৈ নগদ ধনৰ লগতে ট্ৰফী, প্ৰমাণ-পত্ৰ আৰু পদক প্ৰদান কৰা হয়। ৰানাৰ্ছ-আপ দল দুটাক ১ লাখ ৪৪ হাজাৰ টকাকৈ আৰু তৃতীয় স্থান লাভ কৰা দলসমূহক ৯০ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। চতুৰ্থ স্থান লাভ কৰা দলসমূহেও ৯০ হাজাৰ টকাৰ লগতে প্ৰমাণ-পত্ৰ আৰু পদক লাভ কৰে।
উল্লেখ্য যে, এই প্ৰতিযোগিতাই পূব মণ্ডলৰ প্ৰতিভাৱান মহিলা হকী খেলুৱৈসকলক নিজৰ দক্ষতা প্ৰদৰ্শন আৰু প্ৰতিযোগিতামূলক অভিজ্ঞতা আহৰণৰ এখন গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে। কোকৰাঝাৰত এনে প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ ফলত বিটিআৰ অঞ্চলত মহিলা হকীৰ প্ৰসাৰ বৃদ্ধি পোৱাৰ লগতে অধিক সংখ্যক যুৱতী ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হ’ব বুলি আশা কৰা হৈছে।


0 Comments