গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
যোৱা ২৩ আগষ্টত গুৱাহাটী আমবাৰীস্থিত শান্তি ভৱনত অনুষ্ঠিত হয় "দশম ফাউণ্ডেছন কাপ-আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা"।
আছাম স্পৰ্টছ একাডেমীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাতখনত অংশগ্ৰহণ কৰিলে প্ৰায় ৮০ গৰাকী খেলুৱৈ-এ। "আছাম স্পৰ্টছ একাডেমী"ৰ অন্তৰ্গত বিৰুবাৰী ,জ্যোতিকুছি,কালাপাহাৰ ,পাঞ্জাবাৰী ,মালিগাওঁ আদি শাখাৰ খেলুৱৈ-এ বিভিন্ন বয়স গোটৰ শাখাত উজাৰি দিলে শ্ৰেষ্ঠত্ব।
প্ৰতিযোগিতাখনত বিভিন্ন বয়স গোটৰ শাখাত বঁটা লাভ কৰা শ্ৰেষ্ঠ খেলুৱৈ সকল হ'ল-
ল'ৰাৰ ৫-৭ বছৰ অনুৰ্ধত শ্ৰেষ্ঠ বিৰুবাৰী শাখাৰ মেঘৰাজ চক্ৰৱৰ্তী। ছোৱালীৰ ৫-৭ বছৰ অনুৰ্ধত শ্ৰেষ্ঠ জ্যোতিকুছি শাখাৰ দিব্যা মালিক।
সেইদৰে,ল'ৰাৰ ৮-১০ বছৰ অনুৰ্ধত শ্ৰেষ্ঠ কালাপাহাৰ শাখাৰ এডভিক ঘোষ ।বিপৰীতে ,ছোৱালীৰ ৮-১০ বছৰ অনুৰ্ধত শ্ৰেষ্ঠ পাঞ্জাবাৰী হৃতাৰ্থি বৰুৱা ।
আনহাতে,ল'ৰাৰ ১১-১৩ অনুৰ্ধ শাখাত শ্ৰেষ্ঠ কালাপাহাৰ শাখাৰ সৌৰভ দেৱনাথ । বিপৰীতে, ছোৱালীৰ ১১-১৩ অনুৰ্ধত শ্ৰেষ্ঠ মালিগাওঁ শাখাৰ স্নেহা দেৱনাথ।
তদুপৰি ,ল'ৰাৰ ১৪-১৫ বয়স গোটত শ্ৰেষ্ঠ কালাপাহাৰ শাখাৰ আৰমান হুছেইন। বিপৰীতে ছোৱালীৰ ১৪-১৫ বয়স গোটত শ্ৰেষ্ঠ জ্যোতিকুছি শাখাৰ আকাংশা শৰ্মা।
ল'ৰাৰ জুনিয়ৰ আৰু ছিনিয়ৰত শ্ৰেষ্ঠ হয় কালাপাহাৰ শাখাৰ আয়ুস্মান মোদী ।পদকজয়ীক শুভেচ্ছা জনাইছে "আছাম স্পৰ্টছ একাডেমী"ৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক গণেশ দেৱনাথে।


0 Comments