ৰাষ্ট্ৰীয় সাঁতোৰত জিলিকিল তিনি অসম সন্তান

August 18, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

১৮-২৩ আগষ্টলৈ উৰিষ্যাৰ ভূৱনেশ্বৰত অনুষ্ঠিত হৈছে "৫২ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় একুৱাটিক চেম্পিয়নশ্বিপ" ।এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ তিনি খেলুৱৈৰ লাভ কৰিছে পদক । পদকজয়ী অসমৰ তিনি সন্তান হ'ল ক্ৰমে - জাহ্নৱা চাংমাই,তীৰ্থাংক পেগু আৰু শুভাংশিনী প্ৰিয়দৰ্শনী।

ছোৱালীৰ ৫০ মিটাৰ বাটাৰফ্লাইত ২৮.৪২ ছেকেণ্ড সময়েৰে জাহ্নৱী চাংমাই-এ জয় কৰিছে সোণৰ পদক । সেইদৰে,
ল'ৰাৰ ৫০ মিটাৰ বাটাৰফ্লাইত ২৫.০২ ছেকেণ্ড সময়েৰে তীৰ্থাংক পেগু-এ দখল কৰিলে ৰূপৰ পদক। আনহাতে,
ছোৱালীৰ ১৫০০ মিটাৰ ফ্ৰি ষ্টাইলত ১৮:০৯.৬৭ সময়েৰে শুভাংশিনী প্ৰিয়দৰ্শনী-এ অৰ্জন কৰিছে ৰূপ পদক।পদকজয়ীক শুভেচ্ছা জনাইছে অসম সাঁতোৰ সংস্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *