গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অসম বেডমিণ্টন সন্থাৰ তত্ত্বাৱধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা ২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হৈছে "য়নেক্স-ছানৰাইজ ৭৪ সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ, ২০২৬"। বৃহস্পতিবাৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
এই প্ৰতিযোগিতাখন ডিব্ৰুগড়ৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰপৰা সহস্ৰাধিক উদীয়মান বেডমিণ্টন খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত হোৱাৰ কামনা কৰে সোণোৱালে।
লগতে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈলৈ আন্তৰিক শুভেচ্ছা জনায় সোণোৱালে। "অসমৰ ক্ৰীড়া প্ৰতিভাই অনাগত দিনবোৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠক, এয়াই আমাৰ দৃঢ় সংকল্প।", তেওঁ কয়।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম বেডমিণ্টন সন্থাৰ সম্পাদক শ
ওমৰ ৰছিদ, অসম পৰ্যটন উন্নয়ন নিগম ঋতুপৰ্ণ বৰুৱা, বিশিষ্ট সমাজসেৱক জ্যোতি কানৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া ছেমি শইকীয়া, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াৰ লগতে ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।


0 Comments