“পিপ’লছ আৰ্ম ৰেষ্টলিং এছচিয়েচন অৱ আছাম”ৰ বিশেষ সাধাৰণ সভাত কি কি সিদ্ধান্ত হ’ল?

September 22, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

"পিপলছ আৰ্ম ৰেষ্টলিং এছচিয়েচন আছাম"ৰ বিশেষ সাধাৰণ সভা সম্পন্ন। ২২ খন জিলাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ। তিনিচুকীয়াৰ ভাস্কৰজ্যোতি শইকীয়াক সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত ।

দেওবাৰে গুৱাহাটী ডাউন টাউনৰ মথুৰা নগৰস্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত হয় পিপ'লছ আৰ্ম ৰেষ্টলিং এছচিয়েচনৰ "বিশেষ সাধাৰণ সভা" । এই সভাত অংশগ্ৰহণ কৰিলে সন্থাৰ স্বীকৃতপ্ৰাপ্ত প্ৰায় ২২ খন জিলাৰ প্ৰতিনিধি-এ । এই সভাতেই "পিপলছ আৰ্ম ৰেষ্টলিং ফেডাৰেছন ইণ্ডিয়া"ৰ দুগৰাকী পৰ্যবেক্ষকৰ উপস্থিতিত তথা জিলা প্ৰতিনিধিসকলৰ সমৰ্থনত "পিপলছ আৰ্ম ৰেষ্টলিং এছচিয়েচন আছাম"ৰ নতুন সাধাৰণ সম্পাদক গৰাকী নিৰ্বাচিত কৰা হয়। সেই অনুসৰি সন্থাৰ নতুন সম্পাদক ৰূপে নিৰ্বাচিত হয় তিনিচুকীয়াৰ সুদক্ষ খেলুৱৈ ভাস্কৰজ্যোতি শইকীয়া । তদুপৰি এই সভাতেই আগন্তুক "আন্তঃজিলা আৰ্ম ৰেষ্টলিং চেম্পিয়নশ্বিপ" খন তেজপুৰত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লাভ কৰে । আনহাতে দিল্লীত অনুষ্ঠিত হ'বলগীয়া "ৱল্ড চেম্পিয়নশ্বিপ"ত অসমৰ খেলুৱৈৰ অংশগ্ৰহণৰ কথাও আলোকপাত কৰা হয় । "বিশেষ সাধাৰণ সভা"ৰ বিষয়ে সবিশেষ জনালে পিপলছ আৰ্ম ৰেষ্টলিং এছচিয়েচন আছামৰ সভাপতি কৈল্যাশ শৰ্মাই ।

ইফালে,"বিশেষ সাধাৰণ সভা"ত পিপলছ আৰ্ম ৰেষ্টলিং এছচিয়েচন আছামৰ সভাপতি কৈল্যাশ শৰ্মাৰ উপৰি উপস্থিত থাকিল কাৰ্যকৰী সভাপতি পাৰ্থ দত্ত,প্ৰাক্তন সম্পাদক নয়নজ্যোতি বৰা,যুটীয়া সম্পাদক বিকি শৰ্মা,কোষাধ্যক্ষ দীপক কটকী আদি বিশিষ্ট ব্যক্তি । সকলোৱে নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি শইকীয়াক জনালে শুভকামনা ।

"পিপলছ আৰ্ম ৰেষ্টলিং এছচিয়েচন আছাম"ৰ সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হৈ আনন্দিত ভাস্কৰজ্যোতি শইকীয়া ।অনাগত সময়ত সকলোৰে সমৰ্থন আৰু সহযোগিতা কামনা কৰিলে নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক গৰাকী-এ ।

ক্ৰীড়া অনুৰাগীৰ আশা- "পিপ'লছ আৰ্ম ৰেষ্টলিং এছচিয়েচন আছাম"ৰ সভাপতি কৈল্যাশ শৰ্মা তথা নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি শইকীয়াৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যৰ আৰ্ম ৰেষ্টলিং ক্ষেত্রত সূচনা হওঁক নৱ দিগন্তৰ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *