অসম কালাৰিপায়ত্তু সন্থাৰ “সাধাৰণ সভা”ত কি কি হ’ল সিদ্ধান্ত?

September 25, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসম কালাৰিপায়ত্তু সন্থাৰ নতুন সমিতি গঠন । সভাপতি পদত পুনৰ ড০ পৰমানন্দ ৰাজবংশী । সম্পাদক পদক অধিষ্ঠিত পাপু খান । মেঘালয়ৰ "নেচনেল গেমছ"লৈ সাজু অসম কালাৰিপায়ত্তু সন্থা ।

যোৱা ২৪ ছেপ্তেম্বৰত দিছপুৰস্থিত লোকনিৰ্মাণ গৃহ বিভাগৰ ভৱনত অনুষ্ঠিত হয় অসম কালাৰিপায়ত্তু সন্থাৰ এখনি গুৰুত্বপূৰ্ণ "সাধাৰণ সভা"। এই সাধাৰণ সভাত অংশগ্ৰহণ কৰিলে অসম কালাৰিপায়ত্তু সন্থাৰ স্বীকৃতপ্ৰাপ্ত ২৭ জিলাৰ প্ৰতিনিধি-এ । এই সভাতেই পূবৰ কমিটিখন ভংগ কৰি গঠন কৰা হয় অসম কালাৰিপায়ত্তু সন্থাৰ নতুন কৰ্ণধাৰ কমিটি । সেই অনুসৰি, অসম কালাৰিপায়ত্তু সন্থাৰ সভাপতি ৰূপে পুনৰ দায়িত্ব ল'লে ড০ পৰানন্দ ৰাজবংশী-এ । আনহাতে ,সাধাৰণ সম্পাদক পদত পাপু খান অধিষ্ঠিত হোৱাৰ বিপৰীতে কোষাধ্যক্ষত শিৱাচিছ ৰাজকুমাৰ ,সাংগঠনিক সম্পাদকত প্ৰণৱ কলিতা,যুটীয়া সম্পাদকত সঞ্জীৱ বৰ্মন মনোনীত হয় । "সাধাৰণ সভা"ৰ সন্দৰ্ভত জনালে অসম কালাৰিপায়ত্তু সন্থাৰ সাধাৰণ সম্পাদক পাপু খানে ।

ইফালে,এই সাধাৰণ সভাতে "ইণ্ডিয়ান কালাৰিপায়ত্তু ফেডাৰেছন"ৰ নিয়মাৱলীসমূহ জিলা প্ৰতিনিধি সকলক অৱগত কৰে । অসম কালাৰিপায়ত্তু ক্ষেত্রত আনিব বিচৰা নতুনত্বৰ বিষয়টো আলোকপাত কৰে এই "সাধাৰণ সভা"ত । ২৭ খন জিলা প্ৰতিনিধিৰ উপস্থিতিত বিশেষকৈ জিলা পৰ্যায়ত প্ৰতিযোগিতা আয়োজন,প্ৰশিক্ষণ প্ৰদানৰ সন্দৰ্ভতো এই সাধাৰণ সভাত আলোচনা কৰা হয় ।

উল্লেখ্য যে ,২০২১ চনৰ পৰা অসমত প্ৰচলিত হৈ আছে ভাৰতৰ অন্যতম পৰম্পৰাগত সমৰকলা "কালাৰিপায়ত্তু ক্ৰীড়া" । বিগত গোৱা "নেচনেল গেমছ" আৰু উত্তৰাখণ্ড "নেচনেল গেমছ"ত অভিলেখ সংখ্যক পদক অৰ্জনেৰে উজলি উঠিছিল অসমৰ কালাৰি খেলুৱৈ । ২০২৭ ৰ মেঘালয় "নেচনেল গেমছ"তো অসমৰ কালাৰি খেলুৱৈ-এ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিব বুলি আশাবাদী সন্থাৰ সাধাৰণ সম্পাদক পাপু খান ।

ভাৰতৰ প্ৰাচীনতম সমৰকলাৰ ভিতৰত আটাইতকৈ প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ সমৰকলা "কালাৰিপায়ত্তু" বুলি মন্তব্য কৰিলে অসম কালাৰিপায়ত্তু সন্থাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী-এ । অসমত কালাৰিপায়ত্তু ক্ৰীড়াৰ প্ৰচাৰ -প্ৰসাৰ আৰু প্ৰশিক্ষণৰ ক্ষেত্রত পাপু খানৰ তাৎপৰ্যপূৰ্ণ অৱদানৰ বিষয়ে অৱগত কৰে সন্থাৰ সভাপতি গৰাকী-এ ।

ক্ৰীড়া অনুৰাগীৰ আশা -অসম কালাৰিপায়ত্তু সন্থাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু সাধাৰণ সম্পাদক পাপু খানৰ বলিষ্ঠ নেতৃত্বত ক্ৰীড়াঙ্গনত দোপদদোপে আগুৱাই যাওঁক অসমৰ কালাৰি খেলুৱৈ । আগন্তুক ২০২৭ ৰ "নেচনেল গেমছ"কে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাসমূহত অসমৰ খেলুৱৈ-এ লাভ কৰক অভিলেখ সংখ্যক পদক ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *