গুৱাহাটীত “ৱ’ল্ড মাষ্টাৰ্ছ এম টি ২০০ টেনিছ” আৰম্ভ,আই টি এফ স্বীকৃত বিশ্ব ৰেংকিং প্ৰতিযোগিতাখনত পুৰুষ-মহিলাৰ চাৰিটা বয়স শাখাত শতাধিক খেলুৱৈৰ অংশগ্ৰহণ

August 24, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

সদৌ অসম টেনিছ সন্থাৰ গুৱাহাটীৰ চচলস্থিত কমপ্লেক্সত সোমবাৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ [আই টি এফ] স্বীকৃত বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা ৱ’ল্ডৰ্ টেনিছ মাষ্টাৰ্ছ এম টি ২০০ টুৰ্ণামেণ্টখন আৰম্ভ হৈছে৷ পুৰুষ আৰু মহিলাৰ প্ৰতিযোগিতাখনত ৩৫, ৪৫, ৫৫ আৰু ৬৫ বছৰ উধ্বৰ্ৰ মুঠ চাৰিটা বয়স শাখাত একক, ডাবলছ আৰু মিক্সড শাখাৰ খেল অনুষ্ঠিত হৈছে৷

সোমবাৰে প্ৰথমদিনা অনুষ্ঠিত পুৰুষৰ ৩৫ বছৰ উধ্বৰ্ৰ একক শাখাত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে সিদ্ধাৰ্থ শংকৰ, ৰূপজিৎ ভৰালী, ইন্দ্ৰকুমাৰ খাংগেমবাম সিং, আসীম জ্যোতি দত্ত, পাৰ্থ প্ৰতিম দত্ত, নিংথৌজাম প্ৰেমজিৎ সিং, সম্ৰাট মহন্ত আৰু সম্বিত প্ৰধানে৷

ইফালে, পুৰুষৰ ৪৫ বছৰ উধ্বৰ্ৰ একক শাখাৰ এতিয়ালৈকে হোৱা কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি ছেমিফাইনেললৈ অগ্ৰসৰ হৈছে ৰোহিত লালা আৰু নীতেশ ৰুংটাই৷ ৰোহিতে অসমৰ ৰাজীৱ বৰাৰ বিৰুদ্ধে ৱাকঅভাৰ লাভ কৰাৰ বিপৰীতে নীতেশে অলকেশ শইকীয়াক পৰাস্ত কৰে৷ ইফালে, এই শাখাতে কৃষ্ণ কুমাৰ দেববৰ্মাই সমীক বক্সীক হৰুৱায়৷

ইফালে, পুৰুষৰ ৫৫ বছৰ উধ্বৰ্ৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত শেহতীয়া খবৰ অনুসৰি ৰণদ্বীপ বৰুৱাই বীৰেন্দ্ৰ জৈনক, হাকিম আলীয়ে জয়নেন্দ্ৰ শাণ্ডিল্যক, ৰোচন কান্ত ঘিচিঙে দিগন্ত বৰদলৈক, জয়প্ৰকাশ নিষাদে শ্বাহনৱাজ জাফৰক পৰাস্ত কৰাৰ বিপৰীতে বিশ্বজিৎ ভট্টাচাৰ্যই ৱাকঅভাৰ লাভ কৰি পৰবৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে৷

বৰষুণৰ বাবে আবেলি কিছু সময় খেল বন্ধ হয় যদিও নিশালৈ সূচী অনুসৰি বাকী থকা সকলো মেচ অনুষ্ঠিত হ’ব বুলি জনাইছে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই৷ মুঠ ১০২ গৰাকী পুৰুষ-মহিলা খেলুৱৈয়ে অংশ লোৱা প্ৰতিযোগিতাখনৰ ফাইনেল অহা ২৯ আগষ্টত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে বিশ্ব ৰেংকিঙৰ ছিনিয়ৰ আই টি এফ প্ৰতিযোগিতাখন যোৱা চাৰি বছৰ ধৰি অসমত অনুষ্ঠিত হৈ আহিছে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *