অসমত লুকাই থকা ক্ৰিকেট প্ৰতিভাৰ নতুন মঞ্চ অসম প্ৰিমিয়াৰ লীগঃ আবু নেচিম

July 22, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসমৰ প্ৰাক্তন আই পি এল খেলুৱৈ সুদক্ষ পেচাৰ আবু নেচিমে অসম প্ৰিমিয়াৰ লীগ (এ পি এল)ক ৰাজ্যৰ পৰৱৰ্তী প্ৰজন্মৰ ক্ৰিকেটাৰৰ বাবে এক "গুৰুত্বপূৰ্ণ মঞ্চ" বুলি ব্যক্ত কৰিছে। এই লীগে অসমৰ উদীয়মান খেলুৱৈসকলক আত্ম প্ৰতিষ্ঠা দিয়াৰ লগতে সমান্তৰালভাৱে এখন সুন্দৰ পেছাদাৰী মঞ্চ প্ৰদান কৰিব বুলিও "গুৱাহাটী ৰয়েলছ"ত যোগদান কৰা আবুই কয়।
এ পি এলৰ খেলুৱৈ নিলামত ভাষণ দি নেচিমে কয়, ‘অসম প্ৰিমিয়াৰ লীগ ৰাজ্যৰ ক্ৰিকেটৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমাৰ জুনিয়ৰ খেলুৱৈসকলৰ বাবে লীগ প্ৰকৃততে অনন্য প্ৰতিযোগিতাৰ মঞ্চ।লীগৰ নিলামত ২৭০ জনৰো অধিক খেলুৱৈ আছিল আৰু ইয়াৰে প্ৰায় ১২০ জনৰ বিষয়েহে মোৰ জ্ঞান আছিল। এই দৃষ্টিকোনৰ পৰাই সমগ্ৰ অসমতে আৱিষ্কাৰ নোহোৱা প্ৰতিভাৰ নিৰ্মল গভীৰতাও প্ৰতিফলিত হয়। জানিব পৰা যায় অসমত যে এতিয়া প্ৰতিভা সুন্দৰকৈ বিকাশ হৈছে।''

"ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ"ত এম.আই. আৰু আৰ চি বিৰ হৈ খেলা আবু নেচিম আহমেদে অসমৰ ক্ৰিকেটাৰসকলে এ পি এলৰ জডিয়তে ভৱিষ্যতে ক’ত উপনীত হ’ব পাৰিব সেয়া বিশ্লেষণ কৰি নিজৰ লগতে ভাৰতীয় দলৰ বেটাৰ অসমৰে ৰিয়ান পৰাগৰ গৌৰৱময় যাত্ৰাৰ কথাও ব্যক্ত কৰে।

আবুই লগতে কয়, ‘প্ৰতিজন খেলুৱৈ আৰু প্ৰতিটো ফ্ৰেঞ্চাইজিৰ লক্ষ্য এটাই, সেয়া হ'ল প্ৰতিযোগিতাত জয়ী হোৱা। কিন্তু আমি যদি কল্পনা কৰো যে অহা বছৰ এ পি এল ফ্ৰেঞ্চাইজিৰ খেলুৱৈয়ে যদি আই পি এল লগতে ভাৰতৰ হৈও খেলিবলৈ আগবাঢ়ি যায় তেন্তে সেইটোৱেই হব এই লীগে আগবঢ়োৱা প্ৰকৃত সুযোগ।’

উল্লখ্য যে অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত “আমাৰ অসম, আমাৰ গৌৰব” মূলমন্ত্ৰৰে আয়োজন কৰা অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী বৰ্ষত গুৱাহাটী ৰয়েলছসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ আঠটা ফ্ৰেঞ্চাইজি দল আছে। ইতিমধ্যে হৈ যোৱা নিলামত দলসমুহে প্ৰতিষ্ঠিত ক্ৰিকেটাৰৰ সমান্তৰালকৈ উদীয়মান খেলুৱৈসকলক লৈ পেছাদাৰী টি-২০ লীগৰ এক পৰিৱেশৰ সৃষ্টি কৰিব পৰাকৈ দল গঠন কৰিছে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *