গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি তথা গভৰ্নিং বডীৰ সদস্য আব্দুল গফৰ উজ জামানৰ মৃত্যুত অসম ক্ৰিকেট সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে । নলবাৰীস্থিত নিজা বাসগৃহত আজি ৭৪ বছৰ বয়সত তেখেতৰ পৰলোকপ্ৰাপ্তি ঘটে ।
জামানে অসম ক্ৰিকেট সন্থালৈ অতি নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ লগতে ৰাজ্যৰ ক্ৰিকেট ক্ষেত্রৰ বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল ।
১৯৯৩–৯৪ আৰু ১৯৯৪–৯৫ ছিজনত অসম বিজয় মাৰ্চেণ্ট ট্ৰফীত বিজয়ী আছিল আৰু অসম ক্ৰিকেটৰ ইতিহাসৰ সেই দুয়োটা গৌৰৱময় সাফল্যত জামানে অসম দলৰ টিম মেনেজাৰ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
অসম ক্ৰিকেট সন্থাই শজামানক তেওঁৰ অমূল্য সেৱা আৰু খেলৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে শ্ৰদ্ধাৰে স্মৰণ কৰে । তেওঁৰ কৰ্মৰাজীয়ে অসমৰ ক্ৰিকেট সমাজক সদায়েই অনুপ্ৰাণিত কৰি যাব ।
এই কঠিন সময়ত এচিএৰ সভাপতি, সম্পাদক, এপেক্স কাউন্সিলৰ সদস্য আৰু সমগ্ৰ অসম ক্ৰিকেট সমাজে তেখেতৰ শোকসন্তপ্ত পৰিয়াল, বন্ধু-বান্ধৱী, শুভাকাংক্ষীসকললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো ।
অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।


0 Comments