অসম প্ৰিমিয়াৰ লীগঃৰেঞ্জাৰ্ছক বৃহৎ ব্যৱধানত হৰুৱাই ক্ৰমাগত দ্বিতীয় জয় বৰপেটা ব্ৰেভছৰ

August 7, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অধিনায়ক ডেনিছ দাসৰ অনবদ্য অপৰাজিত অৰ্ধশতক তথা তিনি স্পীনাৰৰ যাদুকৰী বলিঙৰ সহায়ত বৰপেটা ব্ৰেভছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত ক্ৰমাগত দ্বিতীয় মেচত জয়লাভ কৰিছে৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত দলে ৭০ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে নগাঁও ৰেঞ্জাৰ্ছক৷ ব্ৰেভছে দিয়া ১৭১ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰি ৰেঞ্জাৰ্ছে ইনিংছৰ প্ৰথম অভাৰৰ পৰাই ধাৰাবাহিকৰূপত উইকেট হেৰুৱাই ১৮.২ অভাৰত ১০০ ৰাণতে ইনিংছ সামৰে৷

ব্ৰেভছক এই বৃহৎ বিজয় দিয়াত মুখ্য ভূমিকা লয় দলৰ তিনিগৰাকী স্পীনাৰে৷ বিকিৰণ দাসে ৩.২ অভাৰত ১৩ ৰাণ দি চাৰিটা উইকেট লাভ কৰাৰ বিপৰীতে শুভম গুপ্তাই ৮ ৰাণত তিনিটা তথা ৰাজেশ প্ৰসাদে দুটা উইকেট পায়৷ ৰেঞ্জাৰ্ছৰ হৈ সৰ্বাধিক ৪৪ ৰাণ কৰে সুমিত কাশ্যপে৷ উল্লেখ্য যে চাৰিখন মেচ খেলাৰ পাছতো জয়ৰ পৰা বঞ্চিত হৈ থাকিল নগাঁও৷ বিপৰীতে প্ৰথম দুখন মেচত পৰাস্ত হোৱা ব্ৰেভছে ক্ৰমাগত দুখন মেচত জয় অৰ্জন কৰিলে৷

ইয়াৰপূৰ্বে টছত জয়ী হৈ নগাঁও দলে পোনতে বলিং কৰাৰ সিদ্ধান্ত লয় যদিও বৰপেটা ব্ৰেভছক দুই অপেনাৰ কবিৰ হাছান [২৫] আৰু সৌৰভ দিহিঙিয়াই[১৬] সুন্দৰ আৰম্ভনি দিয়াত ৰেঞ্জাৰ্ছৰ অধিনায়ক অনুৰাগ তালুকদাৰৰ ৰণনীতি সফল নহ’ল৷ অৱশ্যে পাৱাৰ প্লেত দুই অপেনাৰৰ লগতে দলীয় স্ক’ৰ ৫৮ ত ব্ৰেভছে ৩ উইকেট হেৰুৱাই চাপৰ সন্মুখীন হয়৷

কিন্তু অধিনায়ক ডেনিছ দাসে অনবদ্য বেটিং কৰি বৰপেটাৰ ইনিংছক দৃঢ় স্থিতি দিয়ে৷ ৪৫ বলত অপৰাজিত ৭২ ৰাণ কৰা ডেনিছে চাৰিটাকৈ ছিক্সাৰ আৰু বাউণ্ডেৰী মাৰে৷ তদুপৰি উইকেটৰক্ষক বেটাৰ গৌৰৱ ঠাকুৰীয়াৰ [৩১] ৰ লগত চতুৰ্থ উইকেটৰ যুটিত ৯৫ ৰাণ সংগ্ৰহৰে দলক শক্তিশালী স্থিতিত উপনিত কৰায়৷ উল্লেখ্য যে এয়া এ পি এলত ডেনিছৰ ক্ৰমাগত দ্বিতীয়টো অৰ্ধশতক৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ শুক্ৰবাৰে দিনৰ ২ বজাত হ’বলগা প্ৰথমখন খেলত গুৱাহাটী ৰয়েলছ তেজপুৰ টাইটানছৰ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছে যোৰহাট ষ্টেলিনছৰ বিৰুদ্ধে খেলিব৷

সংক্ষিপ্ত স্ক’ৰঃ
বৰপেটা ব্ৰেভছে নগাঁও ৰেঞ্জাৰ্ছক ৭০ ৰানত পৰাস্ত কৰে

বৰপেটা ব্ৰেভছঃ ২০ অভাৰত ১৭০-৪ [ডেনিশ দাস ৭২, গৌৰৱ ঠাকুৰীয়া ৩১; দৰ্শন ৰাজবংশী ৪৩-২ , ভাৰ্গৱ দত্ত ২১-১

নগাঁও ৰেঞ্জাৰ্ছঃ১৮.২ অভাৰত ১০০ ৰান [সুমিত কাশ্যপ ৪৪, এছ কে জ্ঞানাম ১৮; বিকিৰণ দাস ১৩-৪, শুভম কুমাৰ গুপ্তা ৮-৩, ৰাজেশ প্ৰসাদ ২২-২৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *