গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
"অসম প্ৰিমিয়াৰ লীগ"ৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন।৮ টাকৈ ফ্ৰেঞ্চাইজি দলৰ পচন্দৰ খেলুৱৈ ক্ৰয় ।সৰ্বাধিক দামী খেলুৱৈৰূপে পৰিগণিত বৰপেটা ব্ৰেভছৰ ডেনিছ দাস ।
অহা ১ আগষ্টৰ পৰা অসম ক্ৰিকেট সন্থাৰ উদ্যোগত বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব "অসম প্ৰিমিয়াৰ লীগ" চমুকৈ এ পি এল।এ পি এলৰ মূল প্ৰতিযোগিতাৰ পূৰ্বে বৰ্ষাপাৰাৰ ৯১ য়াৰ্ডছ ক্লাবত যোৱা ১৯ জুলাইত অনুষ্ঠিত হ'ল "এ পি এল"ৰ নিলাম প্ৰক্ৰিয়া।
প্ৰতিযোগিতাত অংশলোৱা ৮ টাকৈ ফ্ৰেঞ্চাইজি-এ নিলামত খেলুৱৈ ক্ৰয়েৰে গঠন কৰিলে নিজ নিজ পছন্দৰ দল।
কোন গৰাকী খেলুৱৈক ,কোনটো ফ্ৰেঞ্চাইজি দলে কিমান দৰত ক্ৰয় কৰিলে ?
দেওবাৰে অনুষ্ঠিত হোৱা "অসম প্ৰিমিয়াৰ লীগ-২০২৬" ৰ নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে সুদক্ষ বেটাৰ ডেনিছ দাস ৷ ১২.৬০ লাখ টকাত ডেনিছ দাসক ক্ৰয় কৰিলে এ পি এলৰ ৮ টা ফেঞ্চাইজিৰ অন্যতম দল বৰপেটা ব্ৰেভছে।
ইফালে, উইকেটকীপাৰ বেটাৰ সুমিত গাঘিগাঁওকাৰে নিলামৰ দ্বিতীয় সৰ্বাধিক ধন লাভ কৰা খেলুৱৈ হিচাপে চৰাইদেউ ছানৰাইজাৰ্ছৰত অন্তৰ্ভুক্ত হৈছে ১২.২০ লাখ টকাত ৷ আনহাতে, অভিজ্ঞ অলৰাউণ্ডাৰ শিবশংকৰ ৰয়ক বৰাক লিজেণ্ডছে ১২ লাখ টকাত ক্ৰয় কৰে ৷ অল ৰাউণ্ডাৰ আয়ুষ্মান মালাকাৰ আৰু স্বৰূপম পুৰকায়স্থই নিলামত শীৰ্ষ পাঁচ খেলুৱৈৰূপে ক্ৰমে তেজপুৰ টাইটানছ আৰু যোৰহাট ষ্টেলিয়নছৰ লগত ১১.৮০ লাখৰ বিনিময়ত জড়িত হয় ৷
মাৰ্কি ৰাউণ্ডত ফ্ৰেঞ্চাইজি দলসমূহৰ মাজত দেখা পোৱা গ'ল প্ৰবল প্ৰতিযোগিতা ৷ প্ৰদ্যুন শইকীয়াক "চৰাইদেউ ছানৰাইজাৰ্ছ"-এ ১০ লাখ টকাত ক্ৰয় কৰাৰ বিপৰীতে "নগাঁও ৰেঞ্জাৰ্ছ"-এ অল ৰাউণ্ডাৰ সুমিত কাশ্যপক ৯ লাখ টকাত ক্ৰয় কৰে ৷ আব্দুল আজিজে ৮.৪০ লাখ টকাত "বৰাক লিজেণ্ডছ"ত যোগদান কৰাৰ বিপৰীতে "বৰপেটা ব্ৰেভছ-এ সৌৰভ দিহিঙীয়াক ৭.৮০ লাখ টকাত দলত অন্তভুক্ত কৰে ৷
"তেজপুৰ টাইটানছ"-এ আকাশ সেনগুপ্ত আৰু অবিনৱ চৌধাৰীক ৭ লাখ টকাকৈ ক্ৰয় কৰাৰ বিপৰীতে "গুৱাহাটী ৰয়েলছ"-এ মৃন্ময় দত্তক একে ধনেৰে ক্ৰয় কৰে৷ "ডিব্ৰুগড় ৱাৰিয়ৰ্ছ"-এ ছাহিল জৈনক ৭.২০ লাখ আৰু জিতুমণি কলিতাক ৬.২০ লাখ টকাত দলত লবলৈ সক্ষম হয়৷ "গুৱাহাটী ৰয়েলছ"-এ ৰোহিত সেনক ৫.৪০ লাখ টকা আৰু মুক্তাৰ হুছেইনক ৩.২০ লাখ টকাত লাভ কৰাৰ বিপৰীতে "নগাঁও ৰেঞ্জাৰ্ছ"-এ ৰাহুল সিঙক ৩.২০ লাখ আৰু ৰুহিনন্দন পেগুক ২.৮০ লাখ টকাত ক্ৰয় কৰে৷
ইফালে, মাৰ্কি খেলুৱৈৰ নিলামৰ পাছত নিহাৰ ডেকাই সৃষ্টি কৰে চমক ৷ "তেজপুৰ টাইটানছ"-এ ১ লাখ আধাৰমূল্যৰ খেলুৱৈগৰাকীক ৯.৮০ লাখ টকাত ক্ৰয় কৰে৷ "যোৰহাট ষ্টেলিয়নছ"-এ অল-ৰাউণ্ডাৰ অভিলাষ গগৈক ৭.২০ লাখ টকাত চুক্তিবদ্ধ কৰি আন এক চমক দিয়াৰ বিপৰীতে "নগাঁও ৰেঞ্জাৰ্ছ"-এ বলাৰ সুনীল লাচিতক ৭ লাখ টকাৰ বিনিময়ত দলত লয়৷
"গুৱাহাটী ৰয়েলছ"-এ ৫ লাখ টকাকৈ গুঞ্জন জ্যোতি ডেকা আৰু নিবীৰ ডেকাক দিয় দলত লোৱাৰ লগতে ৪.৬০ লাখ টকাত নিপন ডেকা আৰু ঋষৱ দাসক ৪ লাখ টকাৰে ক্ৰয় কৰে৷ ইফালে "যোৰহাট ষ্টেলিয়ন"-এ দ্যুতিময় নাথক ৪.৮০ লাখ টকা, ৰাজবীৰ সিঙক ৪.২০ লাখ আৰু এৰিক ৰয়ক ৩.৪০ লাখ টকাত ক্ৰয় কৰে৷
ইফালে, "বৰাক লিজেণ্ডছ"-এ বৰুণজ্যোতি মালাকাৰক ৪.২০ লাখ টকাত লাভ কৰাৰ বিপৰীতে "ডিব্ৰুগড় ৱাৰিয়ৰ্ছ"-এ ৪.২০ লাখ টকাত ৰণিত আখতাৰ আৰু অনুৰাগ ফুকনক ৩.৬০ লাখ টকাত দলত লয় ৷ "বৰপেটা ব্ৰেভছ"-এ দীপজ্যোতি শইকীয়াক ৪.২০ লাখ টকাত, নগাঁও ৰেঞ্জাৰ্ছে বিশাল ৰয়ক ৪.৪০ লাখ আৰু ধ্ৰুৱ ৰাজ বৰাক ৪.২০ লাখ টকাৰ বিনিময়ত ক্ৰয় কৰে৷


0 Comments