“অসম প্ৰিমিয়াৰ লীগ”ৰ সূচী ঘোষণা ,২৩ দিনত অনুষ্ঠিত হ’ব ৪৩ খন খেল

August 15, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

"অসম প্ৰিমিয়াৰ লীগ"ৰ সূচী ঘোষণা ৷২৩ দিনত অনুষ্ঠিত হ'ব ৪৩ খন খেল৷১ আগষ্টৰ উদ্বোধনী মেচত চৰাইদেউ ছানৰাইজাৰ্ছ বনাম বৰপেটা ব্ৰেভছ ৷প্ৰথম সংস্কৰণৰ এ পি এলত কোন হ'ব চেম্পিয়ন ?

ঘোষণা হ'ল বহু প্ৰতিক্ষিত অসম প্ৰিমিয়াৰ লীগ চমুকৈ "এ পি এল-২০২৬"ৰ সূচী ৷ বৃহস্পতিবাৰে প্ৰকাশ কৰা সূচী অনুসৰি উদ্বোধনী বৰ্ষৰ এ পি এল বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত অহা ১ আগষ্টৰ পৰা আৰম্ভ হ’ব আৰু ফাইনেলৰ মেচখন অনুষ্ঠিত হ’ব অহা ২৩ আগষ্টত ৷ প্ৰথমবাৰৰ বাবে অসমত আয়োজিত ২৩ দিনীয়া এই ক্ৰিকেট মহোৎসৱত অনুষ্ঠিত হ'ব মুঠ ৪৩ খনকৈ মেচ ৷ ইয়াৰে ৪০ খন লীগ মেচ হোৱাৰ বিপৰীতে ২ ছেমিফাইনেল আৰু ১ খন গ্ৰেণ্ড ফাইনেল ৷

প্ৰতিদ্বন্দ্বী ৮ টা দলৰ প্ৰতিটোৱে প্ৰথমে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে লীগ মেচত অংশ ল’ব৷ আনহাতে, দ্বিতীয় পৰ্যায়ত অতিৰিক্ত তিনিখন মেচত অংশ ল’ব৷ ইয়াৰ পৰাই সৰ্বাধিক পইণ্টৰ জড়িয়তে নিৰ্ণয় হ’ব ছেমিফাইনেলৰ চাৰিটা দল ৷ নকআউটলৈ যোগ্যতা অৰ্জনৰ দৃষ্টিৰে স্বাভাৱিকতে প্ৰতিটো দলৰ বাবেই প্ৰতিখন লীগ মেচ হ'ব গুৰুত্বপূৰ্ণ ৷

প্ৰতিযোগিতাৰ উদ্বোধনীৰ দিনাই অনুষ্ঠিত হ'ব দুখনকৈ মেচ ৷ দিনৰ ২ বজাত চৰাইদেউ ছানৰাইজাৰ্ছ দলে বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে সন্ধিয়া ৭ বজাত তেজপুৰ টাইটানছৰ মুখামুখি হ’ব ডিব্ৰুগড় ৱাৰিয়ৰ্ছ৷

ইফালে, ২ আগষ্ট দেওবাৰেও ক্ৰিকেটপ্ৰেমীয়ে এ পি এলৰ দুখনকৈ মেচৰ ৰোমাঞ্চ ল’ব পাৰিব ৷ সেইদিনা "গুৱাহাটী ৰয়েলছে" সন্ধিয়াৰ খেলখনত "যোৰহাট ষ্টেলিয়নছ"ৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পূৰ্বে "বৰাক লিজেণ্ডছ"ৰ মুখামুখি হ’ব "নগাঁও ৰেঞ্জাৰ্ছ" ৷

সূচী অনুসৰি "ডিব্ৰুগড় ৱাৰিয়ৰ্ছ" আৰু "গুৱাহাটী ৰয়েলছ" দুবাৰকৈ মুখামুখি হ’ব ৷ প্ৰথমে ১০ আগষ্টত লাইটৰ পোহৰত খেলাৰ পাছত অহা ১৮ আগষ্টত পুনৰ মুখামুখি হ’ব ৷ "গুৱাহাটী ৰয়েলছ"-এ "চৰাইদেউ ছানৰাইজাৰ্ছ"ৰ বিৰুদ্ধেও দুবাৰকৈ খেলিব ৷ এই দুখন মেচ অহা ১১ আগষ্ট আৰু ১৯ আগষ্টত অনুষ্ঠিত হ'ব ৷ ইফালে, "তেজপুৰ টাইটানছ"ৰ বিৰুদ্ধে "গুৱাহাটী"ৰ দলটোৱে প্ৰথমে ৮ আগষ্ট আৰু পৰৱৰ্তী ১৫ আগষ্টত প্ৰতিদ্বন্দ্বিতা কৰিব৷

"ডিব্ৰুগড় ৱাৰিয়ৰ্ছ" আৰু "যোৰহাট ষ্টেলিয়নছ"ৰ মাজতো ৮ আৰু ১৬ আগষ্টত দুখনকৈ খেল অনুষ্ঠিত হ’ব৷ ইফালে, ৭ আৰু ১৬ আগষ্টত "বৰপেটা ব্ৰেভছ" আৰু "নগাঁও ৰেঞ্জাৰ্ছ" লীগ মেচত মুখামুখি হোৱাৰ বিপৰীতে ৯ আগষ্টত "চৰাইদেউ ছানৰাইজাৰ্ছ" আৰু "নগাঁও ৰেঞ্জাৰ্ছ"-এ প্ৰথম মেচ খেলাৰ পাছত পুনৰ মুখামুখি হ’ব ১৭ আগষ্টত৷ একেদৰে "বৰপেটা ব্ৰেভছ" আৰু "বৰাক লিজেণ্ডছ"ৰ মেচ দুখন ৯ আৰু ১৭ আগষ্টত অনুষ্ঠিত হ’ব ৷ ২০ আগষ্টত অনুষ্ঠিত হ’বলগীয়া লীগ পৰ্যায়ৰ খেলৰ অন্তিম দিনটোত "তেজপুৰ টাইটানছ"ৰ বিৰুদ্ধে দিনৰ মেচত "বৰাক লিজেণ্ডছ"-এ খেলাৰ বিপৰীতে নিশা "ডিব্ৰুগড় ৱাৰিয়ৰ্ছ" আৰু "নগাঁও ৰেঞ্জাৰ্ছ" মুখামুখি হ’ব৷

লীগ মেচৰ সামৰণিত শীৰ্ষ চাৰিটা দলে ২১ আগষ্টত হ’বলগা ছেমিফাইনেলৰ বাবে অগ্ৰসৰ হ'ব ৷ তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানৰ দল দুটাই প্ৰথম ছেমিফাইনেল দুপৰীয়া খেলাৰ বিপৰীতে শীৰ্ষস্থানত থকা দলটোৱে নিশা দ্বিতীয় ছেমিফাইনেলত চতুৰ্থ স্থানৰ দলটোৰ বিৰুদ্ধে খেলিব ৷ ২২ আগষ্টত জিৰণিৰ দিন৷ আনহাতে, ২৩ আগষ্ট, দেওবাৰে অনুষ্ঠিত হ'ব প্ৰথম সংস্কৰণৰ অসম প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ মহাৰণ ৷
সেইদিনাই নিৰ্ণয় হ’ব উদ্বোধনী বৰ্ষৰ "অসম প্ৰিমিয়াৰ লীগ"ৰ চেম্পিয়ন দল ৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *