অসম প্ৰিমিয়াৰ লীগ আৰম্ভ,উদ্বোধনী মেচত বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে চৰাইদেউ ছানৰাইজাৰ্ছৰ ৰোমাঞ্চকৰ ৪ উইকেটত জয়লাভ

August 1, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ [এ পি এল-২০২৬] শনিবাৰৰ পৰা গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত আৰম্ভ হৈছে৷ প্ৰথমবাৰৰ বাবে আয়োজিত এ পি এলৰ শনিবাৰে অনুষ্ঠিত হোৱা উদ্বোধনীৰ মেচখনত চৰাইদেউ ছানৰাইজাৰ্ছ দলে বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে ৰোমাঞ্চকৰ ৪ উইকেটত জয়লাভ কৰে৷

ব্ৰেভছে দিয়া ১৫৭ ৰাণৰ বিজয় লক্ষ্য ছানৰাইজাৰ্ছ দলে পাঁচটা বল বাকী থাকোতেই ছয় উইকেট হেৰুৱাই পূৰ্ণ কৰে৷ দলৰ এই বিজয়ৰ নায়ক হ’ল অপেনাৰ প্ৰদ্যুন শইকীয়া৷ উল্লেখ্য যে এটা সময়ত চৰাইদেউ দলে ১০.৪ অভাৰত ৬০ ৰাণতে পাঁচটা উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও প্ৰদ্যুনই দৃঢ়তাপূৰ্ণ বেটিং কৰি স্ক’ৰব’ৰ্ডৰ গতি ধৰি ৰাখে৷ ৪৬ টা বল খেলি অপৰাজিত ৬৮ ৰাণ কৰা প্ৰদ্যুনই তিনিটা ছিক্সাৰ আৰু পাঁচটা বাউণ্ডেৰী মাৰে৷ বেটাৰজনে এ পি এলৰ প্ৰথমটো অৰ্ধশতক অৰ্জনৰ গৌৰৱো লাভ কৰে৷ তদুপৰি অম্লানজ্যোতি দাস আৰু ময়ুখ হাজৰিকাৰ লগত দুটা গুৰুত্বপূৰ্ণ যুটি বান্ধি দলক ৰোমাঞ্চকৰ বিজয় দিয়ে৷ ছানৰাইজাৰ্ছৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অম্লানে ২২ বলত ৩৪ ৰাণ কৰে যত আছিল তিনিটা ছিক্সাৰ৷ আনহাতে, ময়ুখে আঠ বলত দুটা ছিক্সাৰসহ অপৰাজিত ১৭ ৰাণ কৰে৷

ইয়াৰপূৰ্বে পোনতে বেটিং কৰা বৰপেটা ব্ৰেভছে নিৰ্ধাৰিত ২০ অভাৰত পাঁচ উইকেট হেৰুৱাই ১৫৬ ৰাণ কৰে৷ দলক অপেনাৰ সৌৰভ মৌচম দিহিঙিয়াই সুন্দৰ আৰম্ভনি দিছিল৷ ২২ বলত ২৮ ৰাণ কৰা সৌৰভে দুটা ছিক্সাৰ মাৰে৷ চৰাইদেউ দলে পাৱাৰ প্লেত তিনিটা উইকেট দখল কৰি প্ৰত্যাৱৰ্তন কৰিছিল যদিও বৰপেটাৰ অভিলাস মৌৰিয়াই আৰু গৌৰৱ ঠাকুৰীয়াই ৬৪ ৰাণৰ যুটি বান্ধি দলৰ ইনিংছ আগুৱাই নিয়ে৷ অভিলাসে ৩১ বলত দুটা ছিক্সাৰসহ ৪৩ ৰাণ কৰাৰ বিপৰীতে গৌৰৱে ২৫ ৰাণ কৰে৷ ইনিংছৰ শেষৰফালে অৰুণ সোণাৰে ১৯ বলত তিনিটা ছিক্সাৰসহ ৩৭ ৰাণ কৰে৷ চৰাইদেউৰ হিমাংশুই দুটা উইকেট পায়৷

লীগৰ দেওবাৰে হ’বলগা প্ৰথম খেলত বৰাক লিজেণ্ডছৰ মুখামুখি হ’ব নগাঁও ৰেঞ্জাৰ্ছ৷ আনহাতে, গুৱাহাটী ৰয়েলছে সন্ধিয়াৰ খেলখনত যোৰহাট ষ্টেলিয়নছৰ বিৰুদ্ধে খেলিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *