“এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ”ত অসমৰ ৫ সন্তানৰ প্ৰতিনিধিত্ব,স্নেচত অসমকন্যা পৰিস্মিতা গগৈৰ সোণজয়

August 8, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

যোৱা ৭ আগষ্টৰ পৰা ১৪ আগষ্টলৈ তাচকেন্টত অনুষ্ঠিত হৈছে "য়ুথ আৰু জুনিয়ৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপ"।এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ ৫ গৰাকী খেলুৱৈ ক্ৰমে-য়ুথৰ ৬০ কেজিত চৰাইদেউৰ ধৰ্মজ্যোতি দেওঘৰীয়া,য়ুথৰ ৭৫ কেজি শাখাত চৰাইদেইৰ অভিনৱ গগৈ,য়ুথৰ ৪৫ কেজি শাখাত শিৱসাগৰৰ পৰিস্মিতা গগৈ,য়ুথৰ ৬৯ কেজি শাখাত ধেমাজিৰ লুণা সোণাৱাল আৰু য়ুথৰ ৬০ কেজি শাখাত ধেমাজিৰ হৰিপ্ৰসাদ কাছাৰী ।

প্ৰতিযোগিতাখনত ৪৫ কেজি শাখাত ভাৰতক প্ৰতিনিত্ব কৰা পৰিস্মিতা গগৈ-এ ৬৫ কেজি শ্ৰেষ্ঠ উত্তোলনৰে স্নেচত লাভ কৰে স্বৰ্ণ পদক ।তদুপৰি ক্লিন এণ্ড জাৰ্কত ৭৬ কেজি উত্তোলন কৰাৰ বিপৰীতে সামগ্ৰিকভাৱে ১৪১ কেজি উত্তোলনেৰে লাভ কৰে চতুৰ্থ স্থান ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *