এথলেটিকছ খেলুৱৈক সম্বৰ্দ্ধনা

August 9, 2026

K

Gogo Sports NE

দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু নলবাৰী ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ২৪, ২৫ আৰু ২৬ জুলাইত নলবাৰী সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈ যোৱা "৪৭ সংখ্যক জুনিয়ৰ আৰু চিনিয়ৰ আন্তঃ জিলা এথলেটিকছ প্ৰতিযোগিতা"ত নলবাৰী জিলা দলটোৱে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। পদক প্ৰাপক খেলুৱৈ সকলক দেওবাৰে বিয়লি চাৰি বজাত সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত গামোচা আৰু স্মাৰকেৰে সম্বৰ্দ্ধনা জনোৱা হয়। খেলুৱৈ সকল হৈছে সোণৰ পদকঃ--ৰাজৰ্ষী বৰ্মন, ঐশিক গগৈ, বিশাল বৰ্মন, কৃষ্টিন তালুকদাৰ, পৰিস্মীতা দাস, পাৰমিতা দাস, মৌচুমী বৈশ্য, কাদম্বৰী মুদিয়াৰ।

ৰূপৰ পদকঃ ৰাজশ্ৰী খনিকৰ, গৌতম গগৈ, দৃষ্টি অভিলাষা কাশ্যপ, গাৰ্গী বৰ্মন, সুজিতা হালৈ, জিজ্ঞাসা ৰাজবংশী, পৰিস্মীতা দাস, পাৰমিতা দাস, মৌচুমী বৈশ্য, কাদম্বৰী মুদিয়াৰ।

ব্ৰঞ্জ পদকঃ--দিশান্ত বৰ্মন, ইভন শংকৰ, দৃষ্টিনাভ শৰ্মা, প্ৰাচুৰ্য শংকৰ বৰ্মন, জ্যোতিৰ্ময় বৈশ্য, স্বৰ্ণভ বৰা, পাৰমিতা দাস, দৃষ্টি অভিলাষা কাশ্যপ, গৌতম গগৈ। এথলেটিকছ প্ৰশিক্ষক তথা নলবাৰী ক্ৰীড়া সন্থাৰ এথলেটিকছ সম্পাদক কল্যাণ বৰ্মনে আঁত ধৰা সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে নলবাৰী ক্ৰীড়া সন্থাৰ উপ সভাপতি মনোজ কুমাৰ চৌধুৰী, সাধাৰণ সম্পাদক বুবুল তালুকদাৰ প্ৰমুখ্যে বিষয়ববীয়া সকল সকল।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *