গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
স্কটলেণ্ডৰ গ্লাছগোত পূৰ্ণগতিত অব্যাহত আছে "কমনৱেলথ গেমছ-২০২৬"। এই প্ৰতিযোগিতাত দেওবাৰৰ পৰা আৰম্ভ হ'ব ভাৰোত্তোলন ক্ৰীড়া।ভাৰতৰ হৈ এইবাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ১১ গৰাকী ভাৰোত্তোলন খেলুৱৈ-এ।ভাৰতীয় দলটোৰ অন্যতম প্ৰশিক্ষক ৰূপে দলটোৰ লগত গৈছে অসম সন্তান অলকেশ বৰুৱা। ভাৰতীয় ভাৰোত্তোলন দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে অসম ভাৰোত্তোলন সন্থাৰ চি ই অ' ভৱজ্যোতি গোস্বামী-এ।
উল্লেখ্য যে,ভাৰতীয় দলটোত থকা খেলুৱৈ সকল হ'ল ক্ৰমে - মীৰাবাঈ চানু,জ্ঞানশ্বৰী যাদৱ,বিন্দাৰাণী দেৱী,হৰজিন্দৰ কৌৰ,সঞ্জনা,ছিৰাম নিৰুপমা দেৱী,মাৰ্টিনা দেৱী মাইবাম,ঋষিকান্ত সিং চানাম্বম,ৰাজা মুথুপাণ্ডি(এম ৰাজা),ভেল্লুৰী অজয় বাবু,লাভপ্ৰীত সিং ।


0 Comments