গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
"অসম প্ৰীমিয়াৰ লীগ"ৰ অভিষেকৰ পূৰ্বে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে দলৰ আনুষ্ঠানিক জাৰ্ছি উন্মোচনৰ লগতে সাহিল জৈনক অধিনায়ক আৰু জিতুমণি কলিতাক সহ-অধিনায়ক হিচাপে ঘোষণা কৰে ফ্ৰেঞ্চাইজিটোৱে। এই ঘোষণাৰ মাধ্যমেৰে আসন্ন বৰ্ষৰ বাবে দলৰ প্ৰস্তুতিত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপো সম্পন্ন কৰে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্য ৰামেশ্বৰ তেলী, ড০ ৰূপম হাজৰিকা, ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰী অৰুণ কুমাৰ ৰায়, দলৰ মুখ্য প্ৰশিক্ষক আৰু ছাপ’ৰ্ট ষ্টাফৰ সদস্যসকল। তেওঁলোকৰ উপস্থিতিতেই দলৰ আনুষ্ঠানিক জাৰ্ছি উন্মোচন কৰা হয়। একেখন মঞ্চৰ পৰা অভিষেক বৰ্ষক সমুখত ৰাখি দলৰ পৰিকল্পনা, লক্ষ্য আৰু প্ৰত্যাশাৰ কথাও দাঙি ধৰে ফ্ৰেঞ্চাইজিৰ কৰ্তৃপক্ষ, মুখ্য প্ৰশিক্ষক তথা ছাপ’ৰ্ট ষ্টাফৰ সদস্যসকলে।
অনুষ্ঠানত বক্তব্য প্ৰদান কৰি সদ্য নিযুক্ত অধিনায়ক সাহিল জৈনে নিজৰ ভূমিকাক লৈ কয়, “ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ অধিনায়ক হিচাপে দায়িত্ব পোৱাটো মোৰ বাবে অত্যন্ত সন্মানৰ বিষয়। নেতৃত্বৰ ভূমিকাত জিতুমণিক কাষত পোৱাত এই যাত্ৰা আৰু অধিক বিশেষ হৈ পৰিছে। আমাৰ দলত এনে এজাক খেলুৱৈ আছে, যিসকলে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ আগ্ৰহেৰে বাট চাই আছে। আমাৰ লক্ষ্য একেবাৰে স্পষ্ট- যুঁজ দি খেলা, দল হিচাপে ঐক্যবদ্ধ হৈ থকা আৰু এনে প্ৰদৰ্শন উপহাৰ দিয়া, যাতে আমাৰ সমৰ্থকসকলৰ আনন্দ আৰু গৌৰৱ কৰাৰ যথেষ্ট কাৰণ থাকে।”
ৰাজ্যখনত ক্ৰিকেটৰ বিকাশত ফ্ৰেঞ্চাইজিটোৰ বৃহৎ লক্ষ্য তুলি ধৰি স্বত্বাধিকাৰ অৰুণ কুমাৰ ৰায়ে কয়, “ডিব্ৰুগড় ৱাৰিয়ৰ্ছ গঢ়ি তোলাৰ মূল উদ্দেশ্যই হ’ল স্থানীয় প্ৰতিভাসকলক নিজৰ যোগ্যতা তুলি ধৰাৰ এখন উপযুক্ত মঞ্চ তৈয়াৰ কৰি দিয়া।” তেওঁ লগতে কয়, ''অসমৰ ক্ৰমবৰ্ধমান ক্ৰিকেট পৰিৱেশৰ অংশ হ’বলৈ পাই আমি আনন্দিত অনুভৱ কৰিছোঁ। আমি এনে এটা দল গঢ়ি তুলিব বিচাৰোঁ, যাৰ কাষত থিয় হ’বলৈ এই অঞ্চলৰ সমৰ্থকসকলে প্ৰকৃত অৰ্থত গৌৰৱ অনুভৱ কৰিব। এই উদ্যোগৰ বাবে আমি অসম ক্ৰিকেট সন্থা আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”


0 Comments