” দুলীপ ট্ৰফী”ৰ পূব মাণ্ডলিক দলত ডেনিছ দাস,ভাস্কৰ বৰাক ষ্ট্ৰেংথ আৰু কণ্ডিচনিং প্ৰশিক্ষক নিযুক্তি

July 29, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাই জনাইছে যে ২০২৬–২৭ ক্ৰিকেট ছিজনৰ বাবে দুলীপ ট্ৰফীৰ পূব মাণ্ডলিক দলত অসমৰ বেটছমেন ডেনিছ দাস নিৰ্বাচিত হৈছে । অহা ২৩ আগষ্টৰ পৰা ১০ ছেপ্টেম্বৰলৈ বেংগালুৰুস্থিত বি চি চি আই চেণ্টাৰ অৱ এক্সেলেন্সত উক্ত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু তাতে অসমৰ ভাস্কৰ বৰাক মাণ্ডলিক দলটোৰ ষ্ট্ৰেংথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা ডেনিছ দাস আৰু ভাস্কৰ বৰাক এই নিযুক্তিৰ বাবে অভিনন্দন তথা শুভেচ্ছা জনোৱা হৈছে ।

অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *