দীপক কুমাৰ দাসৰ প্ৰতিবেদন
নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত শুক্ৰবাৰে বিয়লি চাৰি বজাত সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈ যায় পঞ্চম সংখ্যক "নেচনেল জেভলিন দিৱস"। উক্ত দিৱসৰ লগত সংগতি ৰাখি জেভলিন থ্ৰো প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। চিনিয়ৰ ল'ৰাৰ শাখাত প্ৰথম দ্ৰোন পেগু, দ্বিতীয় ৰাজৰ্ষী বৰ্মন আৰু তৃতীয় বৰ্ণীল শৰ্মা। আনহাতে মহিলা শাখাত প্ৰথম জুপিতৰা তালুকদাৰ, দ্বিতীয় সুজিতা ডেকা আৰু তৃতীয় দৃষ্টি অভিলাষা কাশ্যপ। ১৪ বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত প্ৰথম ধনদ্বীপ দাস, দ্বিতীয় হিমাংশু ডেকা আৰু তৃতীয় কৌস্তভ লালুং।আনহাতে ছোৱালী শাখাত প্ৰথম হিয়ামনি ৰাজবংশী, দ্বিতীয় মৌচুমী ৰাজবংশী আৰু তৃতীয় অৰ্চিতা তালুকদাৰ। বটা বিতৰণী সভাত সভাপতিত্ব কৰে কৃতি শিক্ষক প্ৰমোদ কুমাৰ তালুকদাৰ। অতিথি হিচাপে উপস্থিত সমাজকৰ্মী থাকে প্ৰমোদ চন্দ্ৰ তালুকদাৰ, ৰমনী মালাকৰ, প্ৰাক্তন ফুটবল খেলুৱৈ ব্ৰজমোহন মালাকৰ।
সভাৰ উদ্দেশ্য বাখ্যা কৰে নলবাৰী ক্ৰীড়া সন্থাৰ এথলেটিকছ সম্পাদক কল্যাণ বৰ্মনে। উল্লেখ্য যে ২০১১ চনৰ এই দিনটোতে আন্তঃৰাষ্ট্ৰীয় এথলেট নিৰজ চোপ্ৰাই টকিঅ' অলিম্পিকত সোণৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। তেতিয়াৰে পৰাই এই দিনটোত "নেচনেল জেভলিন দিৱস" হিছাপে উদযাপন কৰি থকা হৈছে


0 Comments