দীপক কুমাৰ দাসৰ প্ৰতিবেদন
প্ৰাক্তন খেলুৱৈ, ক্ৰীড়া সংগঠক, সমাজ সচেতক আব্দুল গফ্ফাৰ উজ জামান বুধবাৰে বিয়লি নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে।বহু বছৰ ধৰি তেওঁ বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে অসেংখ গুণমুগ্ধই তেওঁৰ বাসভৱনত ভীৰ কৰা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে পুৱা দহ বজাত নলবাৰী ঈদগাহ মৈদানত তেওঁৰ জনাজা সম্পন্ন কৰা হব বুলি জানিব পৰা গৈছে।
১৯৫১ চনৰ ৫ ফেব্ৰুৱাৰীত তেওঁৰ জন্ম নলবাৰীত।১৯৬৪ চনত ইউনাইটেড ক্ৰিকেট ক্লাৱৰ লগত জড়িত হৈ পিছলৈ তেওঁ ক্লাৱৰ সম্পাদকৰ দায়িত্ব পালন কৰি ১৯৭৪ চনত তেওঁ নলবাৰী ক্ৰীড়া সন্হাৰ ক্ৰিকেট সম্পাদক হিচাপে নিৰ্বাচিত হয়। এয়াই আছিল তেওঁৰ আৰম্ভণি। ইয়াৰ পিছত তেওঁ ক্ৰীড়াৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। পৰৱৰ্তী পৰ্যায়ত নলবাৰী ক্ৰীড়া সন্থাৰ বিভিন্ন বিষয়বাব গ্ৰহণ কৰি ১৯৯১--১৯৯৭ বৰ্ষলৈ সভাপতি আৰু ২০০১-১২ চনলৈ নলবাৰী ক্ৰীড়া সন্হাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। নকলেও হ'ব যে উক্ত সময়চোৱাত নলবাৰী ক্ৰীড়া সন্থাই এক সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ লগতে খেল আৰু খেলুৱৈ সৃষ্টিত অভূতপূৰ্ব বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছিল। ইয়াৰ সুবাদতে তেওঁ অসমৰ কেইবাটাও ৰাজ্যিক ক্ৰীড়া সন্থাৰ লগত জড়িত হৈ ক্ৰীড়াক্ষেত্ৰলৈ সেৱা আগবঢ়াবলৈ সুবিধা পাইছিল। তেওঁ অসম অলিম্পিক সন্থাৰ উপ সভাপতি, অসম ক্ৰিকেট সন্হাৰ উপ সভাপতি, অসম এথলেটিকছ সন্হাৰ কোষাধ্যক্ষ, অসম ভলীবল সন্হাৰ কাৰ্যনিৰ্বাহক সদস্য ইত্যাদি পদত অধিষ্ঠিত হৈছিল। পিছলৈ তেওঁ নলবাৰী ক্ৰীড়া সন্হাৰ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ ১৯৯৩-৯৪ চনত পাটিয়ালাত অনুষ্ঠিত ১৬ বছৰ অনুৰ্ধৰ বিজয় মাৰ্চেন্ট ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অসম দলৰ মেনেজাৰৰ দায়িত্ব পালন কৰিছিল। উক্ত খেলত অসম দলটোৱে শক্তিশালী উত্তৰপ্ৰদেৰ বিৰুদ্ধে চুড়ান্ত বিজয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। একেই বৰ্ষতে ১৬ বছৰ অনুৰ্ধৰ মালিগাৱত অনুষ্ঠিত "মাধাৱৰাও সিন্ধিয়া" ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত তেওঁ মেনেজাৰৰ দায়িত্ব পালন কৰিছিল অৱশিষ্ট ভাৰতীয় দলৰ বিৰুদ্ধে। ১৯৯৪-৯৫ চনত গোৱাত অনুষ্ঠিত ১৬ বছৰ অনুৰ্ধৰ
বিজয় মাৰ্চেন্ট প্ৰতিযোগিতাত তেওঁ মেনেজাৰৰ দায়িত্ব পালন কৰিছিল। উক্ত প্ৰতিযোগিতাত দিল্লীৰ বিৰুদ্ধে অসম দল বিজয়ী হৈছিল। ২০০৫-০৬ চনত ইডেন গাৰ্ডেনত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ বিনোদ মানকাড় ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অসম দলে ৱেষ্ট বেংগল আৰু ত্ৰিপুৰাৰ বিৰুদ্ধে বিজয়ী হৈছিল। উক্ত খেলত তেওঁ অসম দলৰ মেনেজাৰ আছিল। ক্ৰীড়াৰ উন্নয়নৰ স্বাৰ্থত লাগি থকা বিশিষ্ট ক্ৰীড়া সংগঠক আব্দুল গফ্ফাৰ উজ জামানক অসম চৰকাৰে এককালিন সাহাৰ্য্য দি স্বীকৃতি প্ৰদান কৰিছিল। তেওঁৰ মৃত্যুত অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰঙ্গ গগৈ, সাধাৰণ সম্পাদক সনাতন দাস গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অসম ক্ৰিকেট সন্থাৰ পতাকা অৰ্ধনিৰ্মিত কৰি ৰাখে। নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, উপ সভাপতি হেমেন্দ্ৰ মহন্ত, মনোজ কুমাৰ চৌধুৰী, উৎপল ডেকা সম্পাদক সাধাৰণ সম্পাদক বুবুল তালুকদাৰ, লগতে নলবাৰী ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়া, ক্লাৱ-সংঘ সমূহৰ সভাপতি, সম্পাদকৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতৰ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গ লৈ সমবেদনা জ্ঞাপন কৰে।


0 Comments