শুভদ্বীপ ঘোষক ভাৰতীয় পুৰুষ জ্যেষ্ঠ ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষক হিচাপে নিযুক্তি ,অসম ক্ৰিকেট সন্থাৰ অভিনন্দন

August 3, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ভাৰতীয় জ্যেষ্ঠ পুৰুষ ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰা শুভদ্বীপ ঘোষক অসম ক্ৰিকেট সন্থাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ।অসমৰ প্ৰাক্তন ঘৰুৱা ক্ৰিকেটাৰ শুভদ্বীপ ঘোষে নিজা খেলুৱৈৰ কেৰিয়াৰত "অসম" আৰু ৰেলৱে' দুয়োটা দলৰে হৈ প্ৰতিনিধিত্ব কৰিছিল । পূৰ্বে অসম জ্যেষ্ঠ পুৰুষ দলৰ প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰি ৰাজ্যৰ ক্ৰিকেটৰ বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল শুভদ্বীপে । কেইবাবছৰ ধৰি তেওঁ বিভিন্ন বয়সৰ গোটৰ ভাৰতীয় দলৰ সৈতে কাম কৰি শুভদ্বীপে গঢ়ি তুলিছে এক আকৰ্ষণীয় প্ৰশিক্ষকৰ প্ৰফাইল । ইয়াৰ ফলস্বৰূপে ,নিজৰ নিষ্ঠা আৰু বিশেষজ্ঞতাৰ বাবে স্বীকৃতি লাভ কৰিলে শুভদ্বীপ ঘোষে ।ছিনিয়ৰ পুৰুষ দলৰ সৈতে তেওঁৰ প্ৰথম দায়িত্ব হ’ব আগষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ দুখন মেচৰ টেষ্ট শৃংখলা।

অসম সন্তানৰ এই বৃহৎ সাফল্যত গৌৰৱ অনুভৱ কৰিছে অসম ক্ৰিকেট সন্থাই । এক প্ৰেছ বিজ্ঞপ্তিযোগে শুভদ্বীপ ঘোষক শুভকামনা জনাইছে এ চিএ -এ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *