গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
মোহন বাগান ছুপাৰ জায়েণ্টৰ পাছতে দ্বিতীয়টো দল হিচাপে এফ চি ৰেংদায়ে চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা"ৰ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে৷ মণিপুৰত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ পৰা শীৰ্ষ দল হিচাপে অন্তিম আঠত প্ৰৱেশ কৰিছে এফ চি ৰেংদায়ে৷
উল্লেখ্য যে প্ৰথম দুখন মেচত জয়লাভ কৰাৰ সূত্ৰে এফ চি ৰেংদায়ে ছয় পইণ্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে৷ অৱশ্যে দলে এখন মেচ এতিয়াও খেলিব বাকী আছে৷ কিন্তু এই গ্ৰুপৰ আজি ইম্ফল খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এখন মেচত ট্ৰাউ এফ চিয়ে ২-১ গলত ভাৰতীয় নৌ সেনাৰ ফুটবল দলক পৰাস্ত কৰাৰ লগে লগে এফ চি ৰেংদাই দলৰ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা নিশ্চিত হয়৷
উল্লেখ্য যে ট্ৰাউ এফ চি আৰু ভাৰতীয় নৌ সেনাই গ্ৰুপৰ অন্তিম মেচ খেলাৰ পাছত চাৰি আৰু তিনি পইণ্ট লাভ কৰি দ্বিতীয়-তৃতীয় স্থানত থাকিল৷ শীৰ্ষত থকা এফ চি ৰেংদায়ে অন্তিম মেচ খেলিব চতুৰ্থ স্থানত থকা নেৰ’কা এফ চিৰ বিৰুদ্ধে৷ সেইখন মেচে গ্ৰুপ ‘ডি’ৰ অন্তিম খেল হোৱাৰ লগতে কাৰ্যতঃ গুৰুত্বহীন হৈ পৰিছে৷
ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ সোমবাৰে বিৰ্ছামুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলা গ্ৰুপ ‘চি’ৰ মেচত এছ চি দিল্লীয়ে ভাৰতীয় বায়ু সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷ ইফালে, কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত সোমবাৰে অনুষ্ঠিত হ’বলগা গ্ৰুপ ‘এ’ৰ অন্তিম মেচখনত মোহন বাগানে চি আই এছ এফৰ মুখামুখি হ’ব৷
উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷


0 Comments