“২১ সংখ্যক সদৌ অসম ৰাজ্যিক শ্বুটিংঙ”ৰ সামৰণি

July 23, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

জ্জীৱিত প্ৰদৰ্শনৰ জৰিয়তে শিবলী সন্দিকৈ,উদ্দীপ্ত নয়ন দত্ত আৰু শুভাকাংক্ষা নায়কে "২১ সংখ্যক সদৌ অসম ৰাজ্যিক শ্বুটিং চেম্পিয়নশ্বিপ"ত সৰ্বাধিক চাৰিটাকৈ স্বৰ্ণ পদক দখলৰ কৃতিত্ব অৰ্জন কৰিছে । কাহিলীপাৰাৰ চতুৰ্থ এ পি বি এন কমপ্লেক্সৰ গুৱাহাটী ক্ৰীড়া শ্বুটিং ৰেঞ্জত বৃহস্পতিবাৰে সামৰণি পৰা প্ৰতিযোগিতাখনত শিবলীয়ে শীৰ্ষ পদক (সোণ) কেইটা অৰ্জন কৰে ক্ৰমে ব্যক্তিগত ১০ মিটাৰ ৰাইফলৰ ছাব য়ুথ, ইউথ জুনিয়ৰ আৰু মহিলা ইভেণ্টত। উদ্দীপ্তই সোণৰ পদক কেইটা জিনে ক্ৰমে ১০ মিটাৰ ৰাইফলৰ ছাব ইয়ুথ, ইয়ুথ,ছাব জুনিয়ৰ আৰু পুৰুষ শাখাত।শুভাকাংক্ষাই স্বৰ্ণজয়ী সফলতা অৰ্জন কৰে ক্ৰমে ব্যক্তিগত ২৫ মিটাৰ পিষ্টলৰ মহিলা আৰু জুনিয়ৰ শাখাৰ লগতে ইয়ুথ শাখাৰ ২৫ মিটাৰ স্পৰ্টছ পিষ্টলৰ উপৰি জুনিয়ৰ শাখাৰ ২৫ মিটাৰ ষ্টেণ্ডাৰ্ড পিষ্টলত।

অসম ৰাইফল এণ্ড শ্বুটিং এছ’চিয়েশ্যনে আয়োজন কৰা প্ৰতিযোগিতাখনত ত্ৰি-মুকুট অৰ্জনকাৰী কেইগৰাকী হ'ল অনন্ত গগৈ, পৰী ভূঞা আৰু ধনিষ্ঠা হাজৰিকাই। ইয়াৰে অনন্তই শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰে ২৫ মিটাৰ চেণ্টাৰ ফায়াৰ পিষ্টল, মাষ্টাৰ্ছৰ ষ্টেণ্ডাৰ্ড পিষ্টল আৰু ১০ মিটাৰ মাষ্টাৰ্ছ পিষ্টলত।পৰীয়ে স্বৰ্ণ পদক কেইটা পায় ১০ মিটাৰ পিষ্টলৰ ব্যক্তিগত ছাব ইয়ুথ, ইয়ুথ, জুনিয়ৰ মহিলা শাখাত।ধনিষ্ঠা হাজৰিকাই স্বৰ্ণ তিনিটা জিকে ৫০ মিটাৰ ৰাইফল প্ৰণ পজিশ্যনৰ ইয়ুথত,জুনিয়ৰ আৰু ইয়ুথৰ থ্ৰি পজিশ্যনত।

সফলতাৰে সামৰণি পৰা প্ৰতিযোগিতাখনত দ্বি-মুকুট অৰ্জন কৰে আৰাশ হাজৰিকা,অম্বৰীশ ভৰদ্বাজ, জিতু শৰ্মা ,উৰ্বিজিৎ মেধি আৰু নীৰজ বৰাই। আন স্বৰ্ণজয়ী সকল হ'ল ক্ৰমে বিদ্যুৎ বিকাশ কোঁৱৰ,প্ৰীতম কুমাৰ শৰ্মা,মৃগাক্ষ বৰুৱা,যোগেন বুঢ়াগোঁহাই,অনুস্কা চৌধুৰী,ধনজিৎ শৰ্মা,শ্ৰেয়াসী মজুমদাৰ,বিবেক কাকতী,মাধুৰী দেবী,শ্ৰেয়ান বৰুৱা,ডলী কাকতী,সংস্কাৰ নেওগ,প্ৰজ্ঞান মানস দাস আৰু মনোজ হাজৰিকাই।গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত অসম শ্বুটিং সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব,আই.পি.এছ. বিষয়া দিগন্ত বৰা মুখ্য,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰ,এ আৰ এছ এৰ সাধাৰণ সম্পাদক ভৱ কলিতা আদি সন্মানীয় ব্যক্তি ৰূপে উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে।প্ৰতিযোগিতাৰ ইভেণ্ট সমূহ হ'ল ১০ মিটাৰ এয়াৰ ৰাইফল, স্মল ব’ৰ পিষ্টল, ৰাইফল আৰু ট্ৰেপ ইভেণ্ট।

ল'ৰা-ছোৱালী,পুৰুষ- মহিলা উভয়ৰে ছাব জুনিয়ৰ, য়ুথ, জুনিয়ৰ, ছিনিয়ৰ, মাষ্টাৰ্ছ, ছিনিয়ৰ মাষ্টাৰ্ছ, ছুপাৰ মাষ্টাৰ্ছ, পেৰা, ডিফ আৰু মুকলি শাখাৰ খেলসমূহ আই এছ এছ এফৰ নিয়মাৱলী আৰু এন আৰ আই মেচ বুক ২০২৬ অনুসৰি অনুষ্ঠিত হয়।ৰাজ্যিক প্ৰতিযোগিতাখনত স্বীকৃত ক্লাব,প্ৰতিষ্ঠান তথা জিলাৰ ৩০০ শ্বুটাৰে অংশ গ্ৰহণ কৰে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *