৪৭ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ,টুৰ্ণামেণ্টৰ প্ৰথম ডিব্ৰুগড় আৰু দ্বিতীয় শিৱসাগৰ

July 27, 2026

K

Gogo Sports NE

দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু নলবাৰী ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ২৪ জুলাইৰ পৰা সৰিয়হতলী ক্ৰীড়া প্ৰকল্পৰ অত্যাধুনিক ষ্টেডিয়ামত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা "৪৭ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ"খনৰ দেওবাৰে বিয়লি সফলতাৰে সম্পন্ন হয়। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হয় ২৯৯ পইন্টৰে ডিব্ৰুগড়, ২০৯ পইন্টৰে দ্বিতীয় স্থান লাভ কৰে শিৱসাগৰ, ১৬২ পইন্টৰে তৃতীয় স্থান অৰ্জন কৰে লক্ষিমপুৰ আৰু ১৪০ পইন্টৰে চতুৰ্থ স্হান লাভ কৰে ঘৰুৱা দল নলবাৰীয়ে।

১৪ বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাৰ শ্ৰেষ্ঠ খেলুৱৈ সৌৰভ চেতিয়া (শিৱসাগৰ) আৰু ছোৱালী শাখাত দৃষ্ণা গগৈ(শিৱসাগৰ) ১৬ বছৰ অনুৰ্ধৰ ল'ৰাৰ শ্ৰেষ্ঠ খেলুৱৈ ভাৰ্গৱ বৰুৱা (লক্ষিমপুৰ) আৰু ছোৱালীৰ শাখাত জেচমি মিৰি (তিনিচুকীয়া)
১৮ বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ বটাঁ লাভ কৰে স্নীগ্ধ প্ৰতীম কোঁৱৰ(শিৱসাগৰ) আৰু ছোৱালীৰ শাখাত মেঘালী বৰগোহাঁই(শিৱসাগৰ)
২০ বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ ময়ুৰ বেজবৰুৱা(ডিব্ৰুগড়) আৰু ছোৱালীৰ শাখাত নন্দিতা শৰ্মা(দৰং) পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ মৌচম দাস(ডিব্ৰুগড়) আৰু মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈ মুনমুন চেতিয়া।

সন্ধিয়া ৫ বজাত অসম এথলেটিকছ সন্থাৰ সম্পাদক গীতাৰ্থ গোস্বামীয়ে আতঁধৰা বটাঁ বিতৰণী সভাত উপস্থিত থাকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, অসম এথলেটিকছ সন্থাৰ উপ-সভাপতি অশোক ভড়ালী, উপ-সভাপতি কৰুণাধৰ দত্ত, টেকনিকেল সমিতিৰ চেয়াৰমেন চৰিফুল্লা, বিশিষ্ট সমাজকৰ্মী ফণী শৰ্মা, নলবাৰী ক্ৰীড়া সন্থাৰ সম্পাদক বুবুল তালুকদাৰ, ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা সমিতিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা আদি বিশিষ্ট ব্যক্তি সকল।

৪১খন জিলাৰ ১২০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ অনুষ্ঠিত হৈছিল। আলোকসজ্জিত অত্যাধুনিক ষ্টেডিয়ামখনত প্ৰতিযোগিতা চাবলৈ নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়াপ্ৰেমী আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। খেলুৱৈ তথা অফিচিয়েল সকলক ষ্টেডিয়ামৰ ভিতৰতে থকা আৰু খোৱাৰ সু-ব্যৱস্থা কৰা হৈছিল। অসম চৰকাৰৰ বিত্ত মন্ত্ৰী, অসম এথলেটিকছ সন্থাৰ সভাপতি তথা নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশ মৰ্মে নলবাৰী ক্ৰীড়া সন্থাৰ সম্পাদক বুবুল তালুকদাৰৰ নেতৃত্বত এডল যুদ্ধৰত সৈনিকে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি দিনে নিশাই প্ৰতিযোগিতাখন সফল কৰাত অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। প্ৰতিদিনে প্ৰাক্তন খেলুৱৈ, ক্ৰীড়া সংগঠক সকলক গামোচা আৰু স্মাৰকেৰে সম্বৰ্দ্ধনা জনোৱা হয়। প্ৰতিযোগিতাখন সফলতাৰে সম্পন্ন হোৱা বাবে সমূহকে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী, অসম এথলেটিকছ সন্থাৰ সভাপতি তথা নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *