১২ ছেপ্টেম্বৰৰ পৰা”কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট”

September 9, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাৰ ২০২৬ চনৰ "কনকলতা বৰুৱা আন্তঃজিলা টি-২০ মহিলা ক্ৰিকেট প্ৰতিযোগিতা" অহা ১২ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব । প্ৰাৰম্ভিক ৰাউণ্ডৰ খেলবোৰ চাৰিটা স্থান, ক্ৰমে, — মৰিগাঁও, মঙলদৈ, ডিব্ৰুগড় আৰু বৰপেটাত হব । অংশগ্ৰহণকাৰী দলবোৰক চাৰিটা গ্ৰুপত ভাগ কৰা হৈছে । প্ৰতি গ্ৰুপৰ লীগ পৰ্যায়ত নিজাকৈ আকৌ গ্ৰুপ-১ আৰু গ্ৰুপ-২ বুলি থাকিব আৰু তাৰ প্ৰথম আৰু দ্বিতীয় স্থানৰ মাজৰ দল দুটাৰ মাজত ১৯ ছেপ্টেম্বৰত গ্ৰুপ ফাইনেল খেল হ'ব আৰু ইয়াৰ বিজয়ী দলটো প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডলৈ উন্নীত হব ।

বিভিন্ন স্থানত দলবোৰৰ গ্ৰুপ বিন্যাস-

এ গ্ৰুপ – মৰিগাঁও ডি এছ এ খেলপথাৰত ---

            গ্ৰুপ-১ : মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, চিৰাং আৰু হাইলাকান্দি
            গ্ৰুপ-২   তেজপুৰ, গোলাঘাট, শ্ৰীভূমি

বি গ্ৰুপ – মঙলদৈ এছ এ খেলপথাৰত

গ্ৰুপ-১ : মঙলদৈ, ধেমাজি, হোজাই, নলবাৰী
গ্ৰুপ-২ : এন.এফ. ৰেলৱে., বিশ্বনাথ, কোকৰাঝাৰ, ৰঙিয়া

চি গ্ৰুপ – ডিব্ৰুগড় ডি এছ এ খেলপথাৰত

গ্ৰুপ-১ : ডিব্ৰুগড়, যোৰহাট, নাজিৰা, শিৱসাগৰ

গ্ৰুপ-২ : লখিমপুৰ, নাহৰকটীয়া, বোকাখাত, নগাঁও

ডি গ্ৰুপ – বৰপেটা ডি এছ এ খেলপথাৰত

গ্ৰুপ-১ : শিলচৰ, গুৱাহাটী, ধুবুৰী, বিলাসীপাৰা

গ্ৰুপ-২ : বৰপেটা, গোৱালপাৰা, কাৰ্বি আংলং, বঙাইগাঁও

তাৰ পাছত চূড়ান্ত ৰাউণ্ডত প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দলকেইটা মিলিত হ'ব । তাৰ স্থান পাছত ঘোষণা কৰা হ'ব । ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ছেমিফাইনেল । তাৰে প্ৰথমখন খেল পুৱা ৮.৩০ বজাত আৰু দ্বিতীয়খন দিনৰ ১.০০ বজাত অনুষ্ঠিত হ'ব । "কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট"ৰ ফাইনেল আৰম্ভ হ'ব অহা ২৩ ছেপ্টেম্বৰৰ দুপৰীয়া ১২.০০ বজাত ।

এই প্ৰতিযোগিতাখনে সমগ্ৰ অসমৰ মহিলা ক্ৰিকেটাৰ সকলক নিজৰ কুশলতা প্ৰদৰ্শনৰ বাবে এক প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ অবিৰত বিকাশত অৰিহণা যোগাব বুলি অসম ক্ৰিকেট সন্থাই আশা কৰে ।
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *