গুৱাহাটী, ২৫ নৱেম্বৰঃ "৩৬ সংখ্যক আন্তঃজিলা জুডো চেম্পিয়নশ্বিপ ২০২৬-২৭" অহা ২৭, ২৮ আৰু ২৯ নৱেম্বৰত কোকৰাঝাৰৰ KDSA ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।
সদৌ অসম জুডো সন্থাৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা জুডো সন্থাৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা ৪০০ তকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।
মিনি ছাব-জুনিয়ৰ, ছাব-জুনিয়ৰ, কেডেট, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত ল'ৰা-ছোৱালী আৰু পুৰুষ-মহিলা উভয়ে বিভিন্ন ওজন শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব।
সদৌ অসম জুডো সন্থাৰ সাধাৰণ সম্পাদক জাফৰ খানে সকলো দল, প্ৰশিক্ষক, বিষয়া, ৰেফাৰী আৰু ক্ৰীড়াপ্ৰেমীক এই চেম্পিয়নশ্বিপ সফল কৰিবলৈ আহ্বান জনাইছে।


0 Comments